/asomiyapratidin/media/media_files/2024/11/17/WvPvwdEkNp8yaotKfcfQ.jpg)
ডিজিটেল ডেস্কঃ শিৱসাগৰ জিলাৰ নামতিৰ শ্ৰী শ্ৰী দিহিং ন-মাটি সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ যদুনাথ মহন্তৰ পত্নী গুণবালা মহন্তৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত গুণবালা মহন্তৰ বয়স আছিল ৭৮ বছৰ।
প্ৰয়াত গুণবালা মহন্ত এগৰাকী ধৰ্মপ্ৰাণ মহিলা হিচাপে যথেষ্ট সন্মানীয় হোৱাৰ লগতে তেওঁ সাহিত্য চৰ্চাতো মনোনিবেশ কৰিছিল। তেওঁ কবিতাৰো চৰ্চা কৰিছিল। তাৰোপৰি বিভিন্ন অনুষ্ঠানৰ দ্বাৰা প্ৰকাশিত একাধিক আলোচনী, স্মৰণিকা আদিত তেওঁ বিভিন্ন বিষয় সামৰি একাধিক লেখা লিখিছিল।
গুণবালা মহন্ত ডাঃ বি এন মহন্তৰ মাতৃ। মৃত্যুৰ সময়ত তেওঁ চিকিৎসক পুত্ৰ ড০ বি এ মহন্তৰ উপৰিও আন এজন পুত্ৰ, এগৰাকী কন্যা আৰু ৬ টাকৈ নাতিৰ লগতে বহু আত্মীয় আৰু গুণমুগ্ধক ইহ সংসাৰত এৰি গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us