নিৰ্বাচনৰ পূৰ্বে সচিবালয়ত অগ্নিকাণ্ড সংঘটিত হোৱাটো বিজেপি চৰকাৰৰ এক ষড়যন্ত্ৰ : কংগ্ৰেছ...

জৰাটৰ গান্ধীনগৰস্থিত পুৰণা সচিবালয়ত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা

author-image
Asomiya Pratidin
New Update
নিৰ্বাচনৰ পূৰ্বে সচিবালয়ত অগ্নিকাণ্ড সংঘটিত হোৱাটো বিজেপি চৰকাৰৰ এক ষড়যন্ত্ৰ : কংগ্ৰেছ...

gujarat fire

ডিজিটেল ডেস্ক : গুজৰাটৰগান্ধীনগৰস্থিত পুৰণা সচিবালয়ত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। শুকুৰবাৰে সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো। এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ কেইঘন্টামান পাছতেই ঘটনাৰ সন্দৰ্ভত কংগ্ৰেছ দলে উত্থাপন কৰিছে এক অভিযোগ।

উল্লেখ্য় যে আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনৰ পূৰ্বে সচিবালয়ত অগ্নিকাণ্ডৰ দৰে ঘটনা সংঘটিত হোৱাটো বিজেপি চৰকাৰৰ এক ষড়যন্ত্ৰ বুলি কংগ্ৰেছ দলে উল্লেখ কৰিছে। গুজৰাটত বিজেপি চৰকাৰৰ ২৭ বছৰীয়া দুৰ্নীতি লুকুৱাবলৈ চৰকাৰৰ দ্বাৰা চৰকাৰী ফাইল জ্বলাই দিয়াৰ এটা প্ৰয়াস কৰা হৈছে বুলিও কংগ্ৰেছে উল্লেখ কৰে।

"আজি গুজৰাটৰ পুৰণি সচিবালয়ত অগ্নিকাণ্ড সংঘটিত হয়। নিৰ্বাচনৰ ঠিক আগতে সংঘটিত অগ্নিকাণ্ডই বিজেপি ক্ষমতাৰ পৰা বঞ্চিত হোৱাটোকে প্ৰমাণ কৰিছে। এই অগ্নিকাণ্ডত বিজেপিৰ ২৭ বছৰৰ দুৰ্নীতিৰ ফাইলবোৰ জ্বলাই দিয়া হৈছে" কংগ্ৰেছে হিন্দীত টুইটযোগে এই কথা ব্যক্ত কৰে।

গুজৰাটত ২০২২ বৰ্ষৰ শেষৰ ফালে নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হ'ব বুলি আশা কৰা হৈছে। তাৰ পূৰ্বেই পুৰণি সচিবালয়ত জুই লাগি চৰকাৰী কাগজ-পত্ৰ জ্বলি শেষ হোৱাটো এক সন্দেহৰ বিষয় বুলিও কংগ্ৰেছ দলে ব্যক্ত কৰে।

fire gujarat bjp