কাজিৰঙাৰ বৰগছ অতিথিশালাৰ ব্যতিক্ৰমী পদক্ষেপ : বিদেশী পৰ্যটকক জলপানেৰে আপ্যায়ন

author-image
Asomiya Pratidin
New Update
কাজিৰঙাৰ বৰগছ অতিথিশালাৰ ব্যতিক্ৰমী পদক্ষেপ : বিদেশী পৰ্যটকক জলপানেৰে আপ্যায়ন

ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙাৰ এখন ব্যক্তিগত অতিথিশালাৰ ব্যতিক্ৰমী পদক্ষেপ। কাজিৰঙাৰ কঁহৰাত থকা বৰগছ নামৰ অতিথিশালাখনে বিহুৰ বতৰত পৰ্যটকক আপ্যায়ন কৰিছে অসমীয়া জলপানেৰে। চিৰা, দৈ, লাৰু, পিঠা আদি থলুৱা খাদ্য সম্ভাৰেৰে দেশী বিদেশী পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ প্ৰয়াস কৰিছে বৰগছ অতিথিশালাই।

Advertisment

উল্লেখ্যে যে সকলো পিঠা পনাৰ নামফলকৰ সৈতে সুন্দৰকৈ সজাই ৰখাৰ ব্যৱস্থা কৰা হৈছে বৰগছত যাতে পৰ্যটকে সকলো জলপানৰ নামৰ পৰিচয় লাভ কৰিব পাৰে।কেৱল ইমানেই নহয় বৰগছ অতিথিশালাৰ অধিক সংখ্যক কৰ্মচাৰীয়ে বিহুৰ সাত দিনপৰ্যন্ত পৰিধান কৰিছে অসমীয়া পৰম্পৰাগত সাজপাৰ।

অতিথিশালাখনে অসমীয়া সংস্কৃতিক এইদৰে তুলি ধৰাৰ প্ৰয়াসৰ শলাগ লৈছে বহুতে।পূৰ্বেও এনেদৰে বিহুৰ বতৰত অতিথিশালাখনে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি দৃষ্টান্ত দাঙি ধৰিছে।

kaziranga assam