অসম সাংবাদিকতা আৰু গণমাধ্যম গৱেষণা প্ৰতিষ্ঠানৰ নতুন শিক্ষাবৰ্ষ আৰম্ভ

অসম সাংবাদিকতা আৰু গণমাধ্যম গৱেষণা প্ৰতিষ্ঠানৰ নতুন শিক্ষাবৰ্ষ আৰম্ভ

ডিজিটেল ডেস্ক: সাম্প্ৰতিক অসমত সংবাদ মাধ্যম এক অভিনৱ বাস্তৱৰ সন্মুখীন হৈছে। সমাজৰ একাংশই সংবাদকৰ্মী সকলক দুৰ্নীতিৰ সকলক সততাৰ এটা অকলশৰীয়া দ্বীপ হৈ থকাৰ আশা কৰে আৰু সেয়ে না না সমালোচনা আৰু গৰিহনাৰে এই মাধ্যমটোক উপচাই দিয়ে।

কিন্তু সংবাদ জগত সমাজৰ বিশেষভাৱে আৰু সমাজখন বিষেৰে ভৰি পৰাৰ পৰত ই অমৃতৰ ভাণ্ডাৰ হ'ব নোৱাৰে।সংবাদ কৰ্মী সকলৰ সংবাদ সচেতনতা আৰু সমাজ বিশ্লেষণৰ প্ৰশিক্ষণৰ প্ৰয়োজন উপলব্ধি কৰি কেইজনমান সচেতন নাগৰিক লগ হৈ অসম সাংবাদিকতা আৰু গণমাধ্যম গৱেষণা প্ৰতিষ্ঠান(Assam Institute of Mass communication and Media Research)- ৰ জন্ম দিছিল ।

এই প্ৰতিষ্ঠানটোত ব্যৱহাৰিক সাংবাদিকতা (Practical Journalism) অৰ্থাৎ হাতে-কামে শিকাবৰ কাৰণে এই প্ৰতিষ্ঠানে কেইটামান ডিপ্ল'মা কোৰ্চ আৰম্ভ কৰিছে ।এই শিক্ষাবর্ষৰ আৰম্ভণিতেই শ্ৰী অজিত কুমাৰ ভূঞা, সুশান্ত তালুকদাৰ আৰু ময়ুৰ বৰাৰ অংশগ্রহণেৰে এখন আলোচনা চক্রৰ ৭ জুলাই তাৰিখে গুৱাহাটী Press Club-ত অনুষ্ঠিত হয়।আলোচনা চক্রখনত সভাপতিত্ব কৰে Assam Institute of Mass Communication and Media Research অৰ্থাৎ AIMCMR-ৰ সভাপতি অধ্যাপক অপূর্ব কুমাৰ বৰুৱাই।

ভূঞাই তেখেতৰ বক্তব্যত অসমৰ সংবাদ মাধ্যমে মুখামুখি হোৱা সংকটক বিশ্বায়নিক পৰিস্থিতিৰ পৰিপ্রেক্ষিতত আলোচনা কৰে। বিজ্ঞাপন আৰু প্ৰশাসনীয় দুৰ্নীতিৰ অভূতপূর্ব বিস্তাৰত সংবাদ মাধ্যমৰো অৰিহণা আছে বুলি তেখেতে দাবী কৰে। শ্ৰী ভূঞাই কয় যে এতিয়া এক বিকল্পৰ সন্ধান কৰিবৰ সময়।

ময়ূৰ বৰাই ভাষণ প্ৰসংগত উল্লেখ কৰে- এই জটিল পৰিস্থিতিত সংবাদ মাধ্যমৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সাম্প্ৰতিক অসমৰ প্ৰকৃত ছবিখন মানুহৰ মাজত তুলি ধৰিব পৰাকৈ AIMCMR -ৰে সাংবাদিক গঢ়ি তুলিব বুলি বিশ্বাসী।

সুশান্ত তালুকদাৰে তেখেতৰ অভিজ্ঞতাৰ পৰা তথ্যভিত্তিক সাংবাদিকতাৰ গুৰুত্ব বাখ্যা কৰে। প্ৰযুক্তিবিদ্যাৰ বিকাশৰ লগে লগে সংবাদ সেৱী সকলে নিজকে নতুন সময়ৰ যোগ্য কৰি তুলিব লাগিব ।সাম্প্রতিক সংবাদ জগতখনত অধ্যয়নহীনতা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত কাৰিকৰী প্ৰশিক্ষণৰ লগতে সমাজ চেতনা আৰু আদৰ্শৰ দিশত AIMCMR-এ বিশেষ পদক্ষেপ গ্রহণ কৰিব বুলি তেখেতে নিশ্চিত বুলি কয়।

উল্লেখযোগ্য যে AIMCMR -এ নতুন শিক্ষাবর্ষ আৰম্ভণিৰ লগত সংগতি ৰাখি আয়োজন কৰা এই আলোচনা চক্রটিত অংশগ্রহণ কৰি আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান কাৰ্যবাহী ৰিতুপৰ্ণ দাস,ইন্দ্রজিৎ দাস,প্ৰতিদিন টাইমৰ নিউজ এডিটৰ পংকজ শইকীয়া, ND24- ৰ নিউজ এডিটৰ পংকজ প্ৰতিম বৰা,NKTV-ৰ প্ৰ'গ্ৰেম হেড অচিন্ত্য শংকৰ,জ্যেষ্ঠ ফটো সাংবাদিক,পৰিচালক দেৱাশীষ ভৰদ্বাজ, News18-ৰ জ্যেষ্ঠ বাতৰি পৰিবেশিকা গীতাশ্ৰী তামুলী,প্ৰতিদিন টাইমৰ Video Editor কিশোৰ ডেকা, দৈনিক অসম কাকতৰ মৃদুল হালৈ,নৰ্থ ইষ্ট লাইভৰ চিনিয়ৰ এংকৰ প্ৰিয়দৰ্শিনী মেধী,RBSK-ৰ সমন্বয়ক ৰুমী দেৱী,বিজ্ঞাপন প্ৰযোজক ৱাহিদুৰ ৰহমান-এ এই প্ৰতিষ্ঠানটিৰ শৈক্ষিক পাঠ্যক্রমত বাস্তৱ আৰু ক্ৰিয়াত্মক দিশসমূহ অন্তৰ্ভুক্তিৰ পোষকতা কৰে।

অসম গণ সংযোগ আৰু গণ মাধ্যম গৱেষণা প্ৰতিষ্ঠানৰ পৰা ঘোষণা কৰা হয় যে ডিপ্লমা পাঠ্যক্রমৰ বাবে শ্ৰী ৰশ্মি গোস্বামী, অদিতি বেজবৰুৱা, প্ৰকাশ মহন্ত আৰু ড: প্ৰীতম বৰুৱাই একোটাকৈ জলপাণি(Scholarship)আগবঢ়াইছে ।এই জলপাণিসমূহ গ্ৰিট এণ্ড গাটচ স্ক'লাৰশ্বিপ(দৃঢ়তা আৰু সাহসিকতা জলপাণি) বুলি নামাকৰণ কৰা হৈছে।


অহা ১ আগষ্টৰ পৰা পাঠদান আৰম্ভ হ'ব লগীয়া অসম গণ সংযোগ আৰু গণ মাধ্যম গৱেষণা প্ৰতিষ্ঠানৰ এবছৰীয়া ডিপ্লোমা পাঠ্যক্ৰমৰ নামভৰ্তি পৰ্ব ইতিমধ্যেই আৰম্ভ হৈছে।ডিপ্লোমা পাঠ্যক্ৰমত নামভৰ্তিৰ নিম্নতম শিক্ষাগত অৰ্হতা হ'ব লাগিব উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ। আগ্ৰহী শিক্ষাৰ্থী সকলে৮৬৩৮০৮১৪০৬,৮৮৭৬৪৩৮৮২০ নম্বৰত যোগাযোগ কৰিব পাৰে। নতুবা মেইল কৰিব পাৰে aimcmr@gmail.com লৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in