বজালী আৰু কাৰ্বি আংলঙত আৰক্ষীৰ অভিনৱ প্ৰচেষ্টা…

বজালী আৰু কাৰ্বি আংলঙত আৰক্ষীৰ অভিনৱ প্ৰচেষ্টা…

author-image
asomiyapratidin
New Update
বজালী আৰু কাৰ্বি আংলঙত আৰক্ষীৰ অভিনৱ প্ৰচেষ্টা…

ডিজিটেল সংবাদ, বজালী, কাৰ্বি আংলং : ৰাজ্য চৰকাৰৰ বহু প্ৰত্যাশিত তৃতীয় বৰ্গৰ নিযুক্তিৰ লিখিত পৰীক্ষা ৰবিবাৰে অনুস্থিত হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বজালী জিলাত ও আৰক্ষী,অৰ্ধসামৰিক বাহিনীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে অনুস্থিত হৈছে লিখিত পৰীক্ষা। ৰাতিপুৱা দহ বজাৰ পৰা বাৰ বজালৈ আৰু বিয়লি দুই বজাৰ পৰা চাৰি বজালৈ অনুস্থিত হয় লিখিত পৰীক্ষা।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে বজালী জিলাৰ আনন্দৰাম বৰুৱা একাডেমী,শ্ৰীৰাম একাডেমী,বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়,কৃষ্ণকান্ত সন্দিকৈৰ লগতে প্ৰায় ৮৩ টা পৰীক্ষা কেন্দ্ৰত কটকটীয়া নিৰাপত্তাৰ মাজেৰে সফল ভাবে অনুস্থিত হয় তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা। বজালী জিলাত প্ৰায় ৮৩ টা কেন্দ্ৰত ৩২ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছৈ তাৰ মাজতে পৰীক্ষা কেন্দ্ৰ সমূহত বজালী আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসৰ আদৰণীয় ব্যতিক্ৰমী পদক্ষেপ দেখিবলৈ পোৱা যায়।

পৰীক্ষা দিৱলৈ অহা পৰীক্ষাৰ্থী সকলক ভয় শংকা নকৰিবলৈ পৰীক্ষাৰ শুভেচ্ছা জনোৱাৰ লগতে একোটাকৈ কলম আৰু এপাহ গোলাপ ফুল দি পৰীক্ষাৰ্থী সকলক উৎসাহ দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে। পৰীক্ষাৰ্থী সকলেও এগৰাকী আৰক্ষী অধীক্ষকক তেনেদৰে ওচৰতে পাই সন্তোষ প্ৰকাশ কৰে। বজালী জিলাৰ আৰক্ষী অধীক্ষকৰ এনে মহৎ আদৰণীয় পদক্ষেপক দূৰ দূৰণিৰ পৰা বজালীলৈ পৰীক্ষা দিবলৈ অহা অভিভাৱক অভিভাৱিকা সকলৰ লগতে বজালীবাসী ৰাইজে ভূয়শী প্ৰশংসা কৰে।

অনুৰূপ দৃশ্য দেখিবলৈ পোৱা যায় কাৰ্বি আংলঙতো। কাৰ্বি আংলং আৰক্ষীয়ে এটা কলম আৰু এপাহ ফুলেৰে প্ৰেৰণা যোগালে তৃতীয় বৰ্গৰ চাকৰিৰ পৰীক্ষাৰ্থীক।

আৰু পঢ়ক :১৭ অক্টোবৰত কংগ্ৰেছ সভাপতি পদৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন…

assam Assam police exam