কাইলৈ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা, কটকটীয়া নিৰাপত্তাৰে সাজু প্ৰশাসন…

কাইলৈ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা, কটকটীয়া নিৰাপত্তাৰে সাজু প্ৰশাসন…

author-image
asomiyapratidin
New Update
কাইলৈ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা, কটকটীয়া নিৰাপত্তাৰে সাজু প্ৰশাসন…

ডিজিটেল ডেস্ক : ২৮ আগষ্ট, দেওবাৰ অৰ্থাৎ কাইলৈ অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ পৰীক্ষা। পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে সাজু ৰাজ্য চৰকাৰ। ২৫ খন জিলাত অনুষ্ঠিত হ'ব এই তৃতীয় বৰ্গৰ পৰীক্ষা।

Advertisment

এই ক্ষেত্ৰত DGP ভাস্কৰজ্যোতি মহন্তই সংবাদ মাধ্যমক জনাই – 'কাইলৈ পৰীক্ষাৰ বাবে সাজু অসম আৰক্ষী। কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। অলাগতিয়াল বস্তু একো নানিব। পৰীক্ষাৰ্থীসকল সোনকালে আহিব যিমান সোনকালে পাৰে।'

আনহাতে তেওঁ মন্তব্য কৰে যে – 'ইন্টাৰনেট কৰ্তনৰ নিৰ্দেশনা মানি চলিবই লাগিব। কোনোৱে নিয়ম উলংঘা কৰিলে ৰেহাই দিয়া নহ'ব, জেল যাব লাগিব। ইতিমধ্যে আমি টীম তৈয়াৰ কৰিছো।' ইয়াৰ উপৰিও প্ৰশ্নকাকত ভাইৰেল কৰিবলৈ চেষ্টা কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। প্ৰশ্নকাকত ভাইৰেল কৰিবলৈ চেষ্টা চলোৱা দুষ্ট চক্ৰক ইতিমধ্যে আৰক্ষীয়ে ধৰা পেলাইছে বুলিও জনাই ভাস্কৰজ্যোতি মহন্তই।

assam himanta biswa sarma guwahati Assam police