আৰক্ষীয়ে মহিলাক চোচৰাই নিয়া ভিডিঅ' সন্দৰ্ভত স্পষ্টীকৰণ জি পি সিঙৰ

প্ৰায় প্ৰতিদিনেই অসম আৰক্ষীৰ কু-কাণ্ডৰ কথা পোহৰলৈ আহিছে। ইয়াৰ মাজতে কেইদিনমান আগতে এটা ভিডিঅ' ভাইৰেল হৈছিল।

author-image
Asomiya Pratidin
New Update
আৰক্ষীয়ে মহিলাক চোচৰাই নিয়া ভিডিঅ' সন্দৰ্ভত স্পষ্টীকৰণ  জি পি সিঙৰ

ডিজিটেল ডেস্কঃ প্ৰায় প্ৰতিদিনেই অসম আৰক্ষীৰ কু-কাণ্ডৰ কথা পোহৰলৈ আহিছে। ইয়াৰ মাজতে কেইদিনমান আগতে এটা ভিডিঅ' ভাইৰেল হৈছিল।য'ত দেখা গৈছিল যে এজন আৰক্ষী বিষয়াই এগৰাকী মহিলাক চোচৰাই লৈ গৈছিল। দাবী অনুসৰি ভিডিঅ'টো লখিমপুৰৰ।

Advertisment

এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে। ভাইৰেল ভিডিঅ' সন্দৰ্ভত এক টুইট কৰি তেওঁ কয় যে ভিডিঅ'টো ২০২২ চনৰ এপ্ৰিল মাহৰ। সিঙৰ মতে ভাইৰেল হোৱা ভিডিঅ'টোত থকা মহিলাগৰাকীয়ে একেলগে আৰক্ষী বিষয়াগৰাকীৰ লগত বাস কৰিছিল। দুয়ো লখিমপুৰ আৰক্ষী থানা চৌহদৰ বাসগৃহত বাস কৰিছিল।

কেইবছৰমান ধৰি আৰক্ষীজনৰ সৈতে মহিলাগৰাকীৰ সম্পৰ্ক আছিল যদিও সেই ঘটনাৰ পাছত তেওঁলোকৰ বিচ্ছেদ হৈছিল। লগতে টুইটত সিঙে এয়াও কয় যে, সকলো কথা নিশ্চিত কৰিবলৈ মহিলাগৰাকীক যোগাযোগ কৰা হৈছিল। লগতে সকলো তথ্য় চালি জাৰি চোৱা হৈছে।

ইয়াৰোপৰি সিঙে লখিমপুৰৰ এছ পিক নিৰ্দেশ দি বিষয়টো সন্দৰ্ভত বিভাগীয় নিয়ম উলংঘা হৈছে নে নাই সকলো চোৱা চিতা কৰিবলৈ নিৰ্দেশ দিয়ে।

Also Read: দিল্লী আধ্যাদেশৰ স্পষ্ট বিৰোধিতা কংগ্ৰেছৰ, সমৰ্থন কৰিব কেজৰিৱালক

gp singh Assam police