/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/mttr.jpg)
ডিজিটেল সংবাদ মোৰাঝাৰ: হোজাই জিলাৰ দেৱস্থান উপ-আৰক্ষী চকীৰ বিষয়া হেমন্ত বৰাৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত পঞ্চায়ত সভাপতি। ধন দাবীৰ অভিযোগত আটক যমুনামুখ সমষ্টিৰ বৰহাৱৰ গাওঁ পঞ্চায়তৰ সভাপতি আব্দুল গফুৰ বুলি জানিব পৰা গৈছে।
ঘটনাৰ বিৱৰণী অনুসৰি হোজাই জিলাৰ পশ্চিম মৌডংগাৰ আব্দুল মান্নান নামৰ এজন লোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ মূলক ভাবে দেৱস্থান উপ-আৰক্ষী চকীত তৰা এটা গোচৰ মীমাংসা কৰি দিয়াৰ বাবে আৰক্ষী বিষয়া হেমন্ত বৰাৰ নামত এক লাখ টকা দাবী কৰিছিল আব্দুল গফুৰে।
পিছে অসহায় পৰিয়ালটোৱে এক লাখ টকা দিব নোৱাৰাৰ বাবে ভুক্তভোগীক দেৱস্থান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। বৃহস্পতিবাৰে ভুক্তভোগী আব্দুল মান্নানৰ পুত্ৰ শ্বফিকুল ইছলামে হোজাই জিলা আৰক্ষী অধীক্ষকৰ ওচৰত দিয়া এজহাৰৰ ভিত্তিত মোৰাঝাৰ আৰক্ষীয়ে পঞ্চায়ত সভাপতি আব্দুল গফুৰক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।
আৰু পঢ়ক: এইবাৰ ঝাৰখণ্ডত ৰাজনৈতিক সংকট! হ'ব পাৰে চৰকাৰ ভংগ, হেৰুৱাব পাৰে মুখ্যমন্ত্ৰীয়ে পদ…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us