/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/Untitled-2-copy.jpg)
ডিজিটেল সংবাদ,গোৱালপাৰাঃ 'মোৰ হৃদয়খন বহুত ডাঙৰ। হিমন্ত বিশ্ব শৰ্মাই গেৰুৱা বসন এৰি এ আই ইউ ডি এফলৈ আহিলে মই স্বাগতম জনাম' এই আহ্বানেৰে মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক শুকুৰবাৰে গোৱালপাৰাত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত আক্ৰমণ কৰে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুউদ্দিন আজমলে। এ আই ইউ ডি এফৰ সভাপতি বদৰুউদ্দিন আজমলে শুকুৰবাৰে বিয়লি গোৱালপাৰা চহৰৰ মাজমজিয়াত আয়োজন কৰা এখন বিশাল নিৰ্বাচনী জনসভাক সম্বোধন কৰি 'মোডী হাটাও দেশ বাচাও' শ্ল'গান দি ৰাইজক উদ্দেশ্যে চিৰাচৰিতভাৱে সাম্প্ৰদায়িক বক্তৃতাৰে আজিও ভোটাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/b8ca6763-72ea-4312-b236-b7a578eea3fe.jpg)
তেওঁ কয় যে ইছলাম দেখিব নোৱাৰা,আজান শুনিব নিবিচৰা আৰ এছ এছ-বিজেপিয়ে ডি ভোটাৰৰ নামত ডেটিনচন শিবিৰলৈ প্ৰক্ষেপ কৰি ভাৰতীয় সংখ্যালঘু ৰাইজক,মুছলমানক অযথা হাৰাশাস্তি কৰিছে। নাগপুৰৰ নিৰ্দেশত নৰেন্দ্ৰ মোডীয়ে এইবাৰো সপোন দেখিছে প্ৰধানমন্ত্ৰী হৈ ভাৰতক হিন্দু ৰাষ্ট্ৰ কৰিবলৈ। যদি কেন্দ্ৰত পুনৰ বিজেপিৰ মোডী চৰকাৰ আহে তেন্তে সকলোকে হিন্দু ৰাষ্ট্ৰৰ হিন্দু বনাব। গতিকে ৰাইজে বিজেপিক ওফৰাবলৈ সময় সমাগত। অন্যথা হিমন্ত,সৰ্বানন্দ আৰু মোডীয়ে পুনৰ ৰাজ্য তথা দেশখন অস্থিৰ কৰি তুলিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/006a66f7-2387-42ba-adea-d517a69bbb8b.jpg)
বদৰউদ্দিন আজমলে কংগ্ৰেছৰ আবু তাহেৰ বেপাৰী আৰু অগপ দলৰ জাবেদ ইছলামকো বিজেপিৰ এজেন্ট বুলি চোকা সমালোচনা কৰি কয় -জাবেদ ইছলাম আধা বিজেপি আৰু আবু তাহেৰ বেপাৰী হিমন্তৰ হয় হুজুৰ। কিয়নো আবু তাহেৰ বেপাৰী আৰ এছ এছ আৰু হিমন্ত বিশ্ব শৰ্মাৰ পেটৰ পৰা জন্ম হৈছে। অগপৰ জাবেদ ইছলামেও বিজেপিৰ পৰম বন্ধু।কেইবা সহস্ৰাধিক ৰাইজ উপস্থিত থকা আজিৰ সভাখনত সাম্প্ৰদায়িক আৰু দম্ভালি মৰা হিমন্তক বদৰউদ্দিন আজমলে তীব্ৰ বাক্যবাণেৰে আক্ৰমণ কৰি ক্ষান্ত নাথাকে। তেওঁ আনকি প্ৰধানমন্ত্ৰী মোডীক ভাৰতৰ গাডীত বহাৰ বাবে যোগ্য ব্যক্তি নহয় বুলি তাৎপৰ্যমূলক মন্তব্য কৰি সঘনাই বিদেশ যাত্ৰা কৰি অভিলেখ সৃষ্টি কৰা মোডীক বিদেশ মন্ত্ৰীৰ বাবে যোগ্য ব্যক্তি বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/b44ce9a7-6e62-467e-a1dc-d483993c19c1.jpg)
মোডীৰ শাসনকালত আটাইতকৈ সংখ্যালঘু জনসাধাৰণ চৰম হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ লগতে মহিলাসকলৰ সন্মান হানি হৈছে বুলি আজমলে অভিযোগ আনে। গোৱালপাৰা চহৰৰ মাজমজিয়াত অনুষ্ঠিতশুকুৰবাৰৰ বিশাল নিৰ্বাচনী সভাখনত পূব গোৱালপাৰাৰ প্ৰাক্তন কংগ্ৰেছী নেতা নিলাম্বৰ পোটোৱাৰীয়ে এ আই ইউ ডি এফত আনুষ্ঠানিকভাৱে যোগদান কৰাত দলৰ সভাপতি আজমলে ফুলাম গামোচাৰে আদৰণি জনোৱাত তাৎপৰ্য বহণ কৰিছে। আজমলৰ পূৰ্বে প্ৰাক্তন বিধায়ক আদিত্য লাংথাচাইও ভাষণ ৰাখি বিজেপি আৰু কংগ্ৰেছ দলক আক্ৰমণ কৰি বদৰউদ্দিন আজমলক ভোট দিবলৈ ৰাইজলৈ আহ্বান কৰে। সভাখনত জিলা সভাপতি,সম্পাদকৰ লগতে ওলপতে চাৰি শতাধিক সমৰ্থকসহ এ আই ইউ ডি এফত যোগদান কৰা চহৰৰ বিশিষ্ট ব্যৱসায়ী তথা জিলা কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক আবুল কালাম হুছেইন উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/6d3b9d1a-3ff2-4061-a6c1-a5a504a7226f.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us