বয়স্ক কৰ্মচাৰীৰ প্ৰতি হৃদয় নগলে বিষয়াৰ: তিনি দশক ধৰি  বিনা বেতনে নিয়মীয়া সেৱা...

তিনি দশক ধৰি  বিনা বেতনে নিয়মীয়া সেৱা আগবঢ়াই গৈছে ভুধৰ সন্দিকৈয়ে, ঢকুৱাখনাত বয়স্ক কৰ্মচাৰীৰ প্ৰতি হৃদয় নগলে বিষয়াৰ

author-image
Asomiya Pratidin
New Update
বয়স্ক কৰ্মচাৰীৰ প্ৰতি হৃদয় নগলে বিষয়াৰ: তিনি দশক ধৰি  বিনা বেতনে নিয়মীয়া সেৱা...

ডিজিটেল সংবাদ, ঢকুৱাখনা: যি সময়ত চৰকাৰী কাৰ্যালয়ত কৰ্ম সংস্কৃতিৰ অবক্ষয় ঘটিছে , একাংশ কাৰ্যালয় অবৈধ ধন ঘটাৰ ৰম্যভূমি হৈছে তেনে সময়তে ঢকুৱাখনাৰ এগৰাকী বয়স্ক ব্যক্তিয়ে এটা গুৰুত্বপূৰ্ণ কাৰ্যালয়ত  ৩ দশক ধৰি  নিষ্ঠাবান অবৈতনিক সেৱা আগবঢ়াই কৰ্মসংস্কৃতিৰ সমুজ্জল দৃষ্টান্ত দাঙি ধৰিছে। ব্যক্তি গৰাকীয়ে নাপায় মাহিলি বেতন । নাই  কোনো নিযুক্তি । অথচ প্ৰতিটো চৰকাৰী কৰ্মদিনত চৰকাৰী সূচী মতে কাৰ্যালয়ত উপস্থিত হৈ বিয়লি পৰ্যন্ত কাৰ্যালয়ত সেৱা আগবঢ়াই এগৰাকী কৰ্মচাৰীয়ে।

Advertisment

কৰ্মসংস্কৃতিৰ অনুকৰণীয় দৃষ্টান্ত দেখুৱাই অহা ব্যক্তিগৰাকীৰ নাম হৈছে ভুধৰ সন্দিকৈ । ঢকুৱাখনা কোষাগাৰ প্ৰাধিকাৰী কাৰ্য্যালয়ৰ এগৰাকী প্ৰধান চালিকা শক্তি হিচাবে সৰ্ব পৰিচিত সন্দিকৈ। সত্তৰোৰ্ধ বয়স্ক ব্যক্তি গৰাকীয়ে নিঃস্বাৰ্থ কৰ্মসংস্কৃতিয়ে বিগত তিনিটা দশকৰো অধিক কাল সূচাৰোৰূপে বিভাগটো কাৰ্যনিৰ্বাহ কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে।

সংগৃহীত তথ্য মতে, ১৯৯০ চনতে সন্দিকৈয়ে ঢকুৱাখনা উপ-কোষাগাৰত অস্থায়ী কৰ্মচাৰী হিচাবে যোগদান কৰিছিল। তদানীন্তন কোষাগাৰ বিষয়া আইচেং গোঁহাইৰ কাৰ্যকালত অস্থায়ী কৰ্মচাৰী হিচাবে নিযুক্ত সন্দিকৈক "ৱাজেচ" শিতানত মাহিলি ৬০০ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰি দিছিল বিষয়া গৰাকীয়ে । কিন্তু বিষয়া গৰাকীৰ বদলিৰ পাছত পৰৱৰ্তী সময়ত এই পৰিতোষিক প্ৰদানৰ ব্যৱস্থা স্থায়ী ভাৱে বন্ধ হৈ পৰিল।

তৎস্বত্তেও তেতিয়াৰে পৰা চৰকাৰী নিযুক্তিৰ আশাত বিগত ৩৩ বছৰে  নিৰবিছিন্ন ভাৱে নিয়মিত কাৰ্যালয়লৈ আহি অবৈতনিক সেৱা আগবঢ়াই গৈছে ব্যক্তিগৰাকীয়ে। প্ৰায় ১০ কিলোমিটাৰ পথ জৰাজীৰ্ণ চাইকেলেৰে বতৰৰ প্ৰতিকূলতাকো নেওচি সদাব্যস্ত কোষাগাৰত পুৱাই ৯-৩০ বজাত উপস্থিত হৈ চৌহদ আৰু কাৰ্যালয় গৃহ নিকাকৰণ কৰা, শিক্ষক কৰ্মচাৰীৰ বেতন বিল বেংকলৈ  নিয়া, বিষয়া কৰ্মচাৰীৰ প্ৰয়োজন সাপেক্ষে বিভাগীয় ফাইল বিভিন্ন টেবুললৈ সৰবৰাহ কৰাকে প্ৰমুখ্য কৰি এগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ সকলো গুৰুত্বপূৰ্ণ দায়িত্ব-কৰ্তব্য সততা আৰু নিষ্ঠা সহকাৰে পালন কৰি যায় সন্দিকৈয়ে।

আৰু আজি পৰ্যন্ত ৭০ বছৰ গৰকা ব্যক্তিগৰাকীয়ে দশক দশক ধৰি বিভাগটোত গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াই আহিছে । কিন্তু এইগৰাকী ব্যক্তিক কোনো পদত নিযুক্তি অথবা প্ৰাপ্য নিয়মীয়া চৰকাৰী বেতন প্ৰদানৰ সুবিধা  বিগত সময়ত কাৰ্যনিৰ্বাহ কৰি যোৱা ৮ গৰাকীকৈ কোষাগাৰ প্ৰাধিকাৰীয়ে কৰি নগ'ল । ব্যক্তিগৰাকীৰ অনুপস্থিতিত অচলপ্ৰায় হৈ যোৱা বিভাগটোৱে অকৰ্তৃত্বশীল ভাৱে যুগ যুগ ধৰি সেৱা লাভ কৰি আহিছে যদিও ব্যক্তি গৰাকীৰ সৰলতাৰ সুযোগ লৈ কোনো বিষয়াই সহায়ৰ হাত আগনবঢ়ায় । 

চৰকাৰী সেৱা বিধি অনুসৰি চৰকাৰী চাকৰিৰ সময় সীমা অতিক্ৰম কৰাৰ পাছতো  নিয়মিতভাৱে সেৱা আগবঢ়াই অহা কৰ্মচৰীগৰাকীক বিভাগটোৱে সামান্যতমো পাৰিতোষিক নিয়মীয়াকৈ দিয়াৰ সুব্যৱস্থা নকৰি অবিবেচকী নীতি গ্ৰহণ কৰি আহিছে। ফলশ্ৰুতিত জীৱনৰ ৭০ টা বছৰ অতিক্রম কৰাৰ পাছতো এইগৰাকী জ্যেষ্ঠ নাগৰিকক এনেদৰে প্ৰাপ্য আদায় নিদিয়াকৈ  যুগ যুগ ধৰি খটুৱাই ৰখা কাৰ্য যথাৰ্থতেই নিন্দনীয় হিচাবে বিবেচিত হৈছে ।

Also Read: 10 Historical places in Assam: অসমৰ ঐতিহাসিক ঠাইসমূহ

ASSAM GOVERNMENT