/asomiyapratidin/media/media_files/2025/04/02/vi9fdPLInvP72UH3HSch.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১ এপ্ৰিল, ২০২৫ মঙলবাৰে বিহালীত কৰা এক ঘোষণাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তেওঁ ঘোষণা কৰিছে এতিয়াৰে পৰা ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীক প্ৰতি মাহে ব্যক্তিগত টিউচনৰ নামত দিব ৩০০ কৈ টকা।
স্মৰ্তব্য, মুখ্যমন্ত্ৰী ড০ শৰ্মাই টেটৰ জৰিয়তে মেধাৱী শিক্ষক নিযুক্তিৰ ব্যৱস্থাটোক তেওঁৰ ৰাজনৈতিক কেৰিয়াৰৰ এক উল্লেখনীয় সফলতা হিচাপে দাবী কৰি আহিছে। তাৰোপৰি তেওঁ ৰাজ্যৰ শিক্ষা ব্যৱস্থালৈ আমোল পৰিবৰ্তন কঢ়িয়াই অনাৰো দাবী কৰে।
কিন্তু ৰাজ্যৰ সামগ্ৰীক শিক্ষা ব্যৱস্থাটো প্ৰায় বিধ্বস্ত হৈ আছে। ৰঘুমলাৰ দৰে ৰাজ্যজুৰি ব্যক্তিগত শিক্ষানুষ্ঠানৰ সম্প্ৰসাৰণ হোৱাৰ বিপৰীতে চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠান বন্ধ হৈছে। একত্ৰিকৰণৰ নামতে ৰাজ্যত বন্ধ হ’ল ৮ হাজাৰ চৰকাৰী শিক্ষানুষ্ঠান।
চৰকাৰী শিক্ষানুষ্ঠানৰ মানদণ্ড উন্নত কৰাৰ বাবে চৰকাৰে বহু কৰিবলগীয়া কাম বাকী থকাৰ সময়ত শিক্ষাৰ্থীক ব্যক্তিগত টিউচনৰ বাবে উৎসাহিত কৰা বিষয়টো স্বাভাৱিকতে চিন্তনীয়। লক্ষ্যণীয় ভাৱে ইতিমধ্যে ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে চৰকাৰে কেইবাখনো আঁচনি কাৰ্যক্ষম কৰিছে।
তাৰ ভিতৰত একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে ছাত্ৰীক মাহে নিৰ্ধাৰিত ধন দিয়াৰ পৰা আৰম্ভ কৰি স্কুটি বিতৰণলৈকে বহু কেইখন আঁচনি কাৰ্যক্ষম হৈ আছে। তাৰ পাছত এইবাৰ ব্যক্তিগত টিউচনৰ নামতো ৩০০ কৈ টকা দিয়াৰ এই সিদ্ধান্ত কিমান গ্ৰহণযোগ্য সেয়াও প্ৰশ্নৰ বিষয়।
চৰকাৰ যদি শিক্ষানুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে পৰ্যাপ্ত শিক্ষকৰ ব্যৱস্থা কৰাৰ লগতে আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব দিয়ে তেন্তে এইদৰে ব্যক্তিগত টিউচনৰ বাবে ধন দিয়াৰো অৱকাশো নাথাকিব বুলি সামাজিক মাধ্যমৰ জৰিয়তে ভিন্নজনে মতামত আগবঢ়াইছে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিহালীত এই ঘোষণা কৰাৰ পাছতে ৰাজ্যৰ সামগ্ৰীক শিক্ষা ব্যৱস্থাটোক লৈ প্ৰশ্নৰ সৃষ্টি কৰাই নহয় চৰকাৰৰ স্ববিৰোধী স্থিতিও উন্মোচিত হৈছে। উল্লেখ্য যে,ৰাজ্য চৰকাৰে টেটৰ জৰিয়তে মেধাৱী যুৱক-যুৱতীক যোগ্যতাৰ ভিত্তিত শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিছে। এই শিক্ষকসকলে অতি দক্ষতাৰে যে শিক্ষাদান কৰি আছে তাত কাৰো দ্বিমত নাই।
মেধাৰ ভিত্তিত নিযুক্তি পোৱা এই শিক্ষকসকলৰ আগমণৰ পাছত বহু চৰকাৰী শিক্ষানুষ্ঠানৰ চেহেৰাই সলনি হৈছে। কিন্তু এতিয়াও পৰ্যাপ্ত শিক্ষক নথকাত বিদ্যালয়সমূহৰ শিক্ষাদান প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হৈ আহিছে। সেয়ে চৰকাৰে শীঘ্ৰেই শিক্ষকৰ খালী পদসমূহ পূৰণ কৰি শিক্ষাৰ্থীৰ-অনুপাতে শিক্ষকৰ ব্যৱস্থা কৰাৰ লগতে বিষয়ভিত্তিক শিক্ষকৰ অভাবো দূৰ কৰাত হে পদক্ষেপ লোৱা উচিত বুলিও নাম প্ৰকাশত অনিচ্ছুক কেইগৰাকীমান চৰকাৰী বিদ্যালয়ৰে জ্যেষ্ঠ আৰু প্ৰধান শিক্ষকে আমাৰ আগত উল্লেখ কৰিছে।
উল্লেখ্য যে, Unified District Information System for Education Pluse চমুকৈ UDISE+ এ শেহতীয়াকৈ প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি অসমৰ শিক্ষা ব্যৱস্থাৰ আন্তঃগাঁনি অতি পুতৌজনক। অসমৰ মুঠ ৫৬,৬৩০ খন বিদ্যালয়ৰ ভিতৰত ৭৭৮০ খন বিদ্যালয়তে নাই বিদ্যুৎ সংযোগৰ ব্যৱস্থা।
৩,৩৩৬ খন বিদ্যালয়ত নাই খোৱাপানীৰ ব্যৱস্থা। একেদৰে ৭,৭০৯ খন বিদ্যালয়ত শৌচাগাৰ আৰু ৬,৫৫৮ খন বিদ্যালয়ত নাই ছাত্ৰীৰ শৌচাগাৰৰ ব্যৱস্থা। কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থা নাই ৰাজ্যৰ ১৮,১৬৭ খন বিদ্যালয়ত। বহু বিদ্যালয়ত আকৌ কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থা আছে যদিও ইয়াৰ বাবে প্ৰয়োজনীয় ইণ্টাৰনেট সেৱাৰেই সুবিধা নাই। তথ্য অনুসৰি ৰাজ্যৰ ৫৫ শতাংশ বিদ্যালয়তে অৰ্থাত ৩১,১৪০ খন বিদ্যালয়ত নাই ইণ্টাৰনেণ্টৰ সুবিধা।
ৰাজ্যত টেটৰ জৰিয়তে শিক্ষক নিযুক্তিৰ জৰিয়তে ৰাজ্য চৰকাৰে জয়ঢোল বজাই থকাৰ সময়তে আকৌ ২,৬৩৩ খন বিদ্যালয়েই এজনীয়া শিক্ষকৰ দ্বাৰা চলি থকা বিষয়টো উন্মোচিত হৈছিল এই প্ৰতিবেদনত। প্ৰতিবেদন অনুসৰি ৰাজ্যৰ ২,৬৩৩ খন বিদ্যালয়ত এজনীয়া শিক্ষকে ৯২,৮৮৮ গৰাকী শিক্ষাৰ্থীক শিক্ষাদান কৰিবলগীয়া হৈছে।
মন কৰিবলগীয়া কথাটো হ'ল এই এজনীয়া শিক্ষকসকলে সেই বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনৰ পৰা আৰম্ভ কৰি, সকলো চৰকাৰী নিৰ্দেশনা পালন কৰাৰ উপৰিও প্ৰধান শিক্ষকৰ সকলো দায়িত্ব পালন কৰিব লাগে। এনে অৱস্থাত তেওঁলোকে কিদৰে শিক্ষাদান কৰিছে সেয়া সহজেই অনুমেয়।