/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/cg.png)
ডিজিটেল সংবাদ, চিৰাং: বিগত দুবছৰত ক'ভিড পৰিস্থিতিৰ কাৰণে যি সকল ছাত্ৰ ছাত্ৰীয়ে গুণগত শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হোৱাৰ লগতে শিক্ষানুষ্ঠানৰ পৰা ব্যৱধান সৃষ্টি হৈছিল সেই সকল ছাত্ৰ ছাত্ৰীক পুনৰ বিদ্যালয় মুখী কৰি চাৰি মহীয়া বিশেষ শিক্ষাদানৰ কৰাৰ লক্ষ্যৰে চিৰাং জিলা প্ৰশাসনে "প্ৰজেক্ট কেচআপ" নামৰ এক অভিনব আঁচনি গ্ৰহণ কৰিছে ।
সেই আঁচনি বাস্তৱক্ষেত্ৰত সফল ৰূপায়নৰ বাবে সৰ্বসাধাৰণ ৰাইজৰ সহায় সহযোগ বিচাৰি মঙলবাৰ বিয়লিৰ ভাগত কাজলগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এটা সভা অনুষ্ঠিত হয় । উক্ত সভাত ছাত্ৰ সংগঠন এবছু, আক্ৰাছু,আগছু, এবিএমছুৰ উপৰি জিলা খনৰ অগ্ৰনী স্বেচ্ছাসেৱী সংগঠনৰ নেতৃত্ববৰ্গ অংশগ্ৰহণ কৰে ।
সভাত জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে জিলা খনৰ শিক্ষাখণ্ডৰ উপৰি স্বাস্থ্য, অঙ্গনাবাদী কেন্দ্ৰ,খাদ্য সুৰক্ষাৰ কাৰ্ড আদি কৰি বিভিন্ন জনকল্যাণমূলক আঁচনি সমূহৰ দ্বাৰা সমাজৰ সকলো স্তৰৰ লোকে যাতে লাভান্বিত হব পাৰে তাৰ বাবে প্ৰশাসন যন্ত্ৰক সহায়ক হব পৰাকৈ কাম কৰি যাবলৈ আহ্বান জনায় । সভাত উপস্থিত ছাত্ৰ সংগঠনৰ নেতৃত্ববৰ্গ সকলে জিলা খনত শিক্ষাৰ গুণগত মানদণ্ড বৰ্তাই ৰাখিবলৈ প্ৰথমতে শিক্ষকৰ নাটনি সমস্যাটো দুৰ কৰিবলৈ দাবী উত্থাপন কৰে ।
অচল হৈ থকা অঙ্গনাবাদী কেন্দ্ৰ সমুহ পুণৰ কাৰ্য্যক্ষম কৰিবলৈ আহ্বান জনোৱা হয় । সভাত চাকৰীজীবি বা আৰ্থিক ভাৱে স্বচ্ছল পৰিয়ালৰ লোক সকলক খাদ্য সুৰক্ষাৰ কাৰ্ড ঘুৰাই দিবলৈ আহ্বান জনায় অন্যথা সেই কাৰ্ড সমূহ জৰিপ কৰি ঘুৰাই আনি প্ৰকৃত হিতাধিকাৰীক প্ৰদান কৰা ক্ষেত্ৰত জিল প্ৰশাসনক সহায় সহযোগ কৰিবলৈ দল সংগঠনৰ সহায় সহযোগিতা বিচাৰে ।
সেই মতে দল সংগঠনৰ পৰাও জিলা প্ৰশাসনক আশ্বাস প্ৰদান কৰে । সভাত বিজনীৰ মহকুমাশাসক ৰাহুল গুপ্তা, সহকাৰী আয়ুক্ত প্ৰতিক্ষা দত্ত, জিলা সমাজকল্যাণ বিষয়া সমেশ্বৰ মুছাহাৰী, জিলা প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক জয়ন্ত দেবনাথ সহ অন্যান্য লোক উপস্থিত আছিল ।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us