পিতৃ-মাতৃৰ শুশ্ৰুষা আৰু সান্নিধ্যৰ বাবে ৰাজ্যিক কৰ্মচাৰীলৈ নৈমিত্তিক ছুটী ঘোষণা...

২০২৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা প্ৰযোজ্য হ'ব এই নিয়ম

author-image
Asomiya Pratidin
New Update
পিতৃ-মাতৃৰ শুশ্ৰুষা আৰু সান্নিধ্যৰ বাবে ৰাজ্যিক কৰ্মচাৰীলৈ নৈমিত্তিক ছুটী ঘোষণা...

govt employees

ডিজিটেল ডেস্ক : মাতৃ-পিতৃ বন্দনা আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীলৈ নৈমিত্তিক ছুটী ঘোষণা। ২০২৩ বৰ্ষৰ পৰা প্ৰযোজ্য হ'ব এই নিয়ম। ২০২৩ বৰ্ষৰ ৯ আৰু ১০ ফেব্রুৱাৰীত এই বিশেষ নৈমিত্তিক ছুটী ঘোষণা ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে।

উল্লেখ্য যে কৰ্মচাৰীসকলে ফেব্ৰুৱাৰী মাহৰ ১১ আৰু ১২ তাৰিখ দ্বিতীয় শনিবাৰ আৰু দেওবাৰীয়া বন্ধৰ লগত মিলাইয়ো ল’ব পাৰিব ছুটী। এই ছুটীৰ বাবে কৰ্মচাৰীসকলে প’ৰ্টেলযোগে কৰিব পাৰিব আবেদন। আবেদনৰ বাবে প্ৰকাশ কৰা প’ৰ্টেলটো হৈছে - https://matriptrivandana.assam.gov.in

আনহাতে এই প'ৰ্টেলত ছুটী সম্পৰ্কীয় আন নীতি-নিৰ্দেশনাও উল্লেখ কৰা হ'ব। ৰাজ্যিক কৰ্মচাৰীসকলে নিজৰ পিতৃ-মাতৃৰ সান্নিধ্যত একান্তভাৱে কিছু সময় অতিবাহিত কৰাৰ সুবিধাৰ্থে অসম চৰকাৰে এই বিশেষ ছুটী মঞ্জুৰ কৰিছে।

আৰু পঢ়ক :শংকৰ-মাধৱ চিত্ৰ কলা বিদ্যালয়ৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱালৈ সুৰনন্দন ভাৰতী শ্ৰেষ্ঠ বিদ্যালয় পৰিচালকৰ বঁটা...

assam assam govt govt employees