প্ৰতিদিন গোষ্ঠীৰ বাতৰিৰ প্ৰভাৱ, চিৰাঙৰ বামুনগাঁও হাইস্কুল লৈ চৰকাৰী সাহাৰ্য…

প্ৰতিদিন গোষ্ঠীৰ বাতৰিৰ প্ৰভাৱ, চিৰাঙৰ বামুনগাঁও হাইস্কুল লৈ চৰকাৰী সাহাৰ্য…

author-image
asomiyapratidin
New Update
প্ৰতিদিন গোষ্ঠীৰ বাতৰিৰ প্ৰভাৱ,  চিৰাঙৰ বামুনগাঁও হাইস্কুল লৈ চৰকাৰী সাহাৰ্য…

ডিজিটেল সংবাদ, চিৰাং: প্ৰতিদিন গোষ্ঠীৰ প্ৰতিদিন টাইম চেনেলত সম্প্ৰচাৰ আৰু অসমীয়া প্ৰতিদিন কাকত লগতে প্ৰতিদিন ডিজিটেল পেজত বাতৰি প্ৰকাশ হোৱাৰ পিছত চকুমেল খালে জিলা প্ৰশাসনৰ লগতে বিটিচি প্ৰশাসনৰ । বিগত এমাহে ধুমুহা শিলা বৰষুণত বিধ্বস্ত চিৰাঙৰ বামুনগাঁও হাইস্কুলত অৱশেষত আহিল চৰকাৰী সাহাৰ্য, নতুনকৈ লগোৱা হৈ আছে টিনপাত । আনকি জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰাও আহি পাইছে ত্ৰিপাল ।

উল্লেখ্য যে যোৱা ১৩ মে'ত প্ৰতিদিন গোষ্ঠীৰ প্ৰতিদিন ডিজিটেল পেজত আৰু প্ৰতিদিন টাইম চেনেলত সবিস্তাৰে সম্প্ৰচাৰ হৈছিল ধুমুহা -শিলা বৰষুণত বিধ্বস্ত চিৰাঙৰ বামুনগাঁও হাইস্কুল দুৰবস্থাৰ কাহিনী । ধুমুহা আৰু শিল বৰষুণৰ ফলত বিদ্যালয়ৰ মুধচৰ টিনপাত ছিদ্ৰ হৈ চালনিৰ দৰে হৈ পৰিছিল । যি পৰিস্থিতিত ছাত্ৰ ছাত্ৰী সকলে শ্ৰেণীকোঠাত বহি যে পাঠগ্ৰহণ কৰিব তাৰ পৰিৱেশ কোনো পৰিৱেশেই নাছিল ।

পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে ৰদ/বৰষুণ দিলে শ্ৰেণীকোঠাৰ ভিতৰত ছাত্ৰ ছাত্ৰী সকলে ছাতি মেলি পাঠগ্ৰহণ কৰিব লগাত পৰে আৰু মাত্ৰাধিক বৰষুণ হলেই বিদ্যালয়ৰ পাঠদান বন্ধ হৈ পৰিছিল । এই বাতৰি প্ৰতিদিন গোষ্ঠীৰ বৈদ্যুতিন মাধ্যম প্ৰতিদিন টাইমত সম্প্ৰচাৰ হোৱাৰ পিছত তীব্ৰ সমালোচনা আৰম্ভ হয় সামাজিক মাধ্যমত ।

বিটিআৰ এলেকাত বড়ো মাধ্যমৰ বিদ্যালয় এখন শিল বৰষুণত বিধ্বস্ত হোৱাৰ এমাহ সময় অতিক্ৰম কৰাৰ পিছতো ছাত্ৰ ছাত্ৰী সকলৰ শিক্ষাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি জিলা প্ৰশাসন নাইবা বিটিচি প্ৰশাসনৰ পৰা কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন উত্থাপিত হবলৈ ধৰে । ইয়াৰ মাজতে বামুনগাঁও হাইস্কুলৰ দুৰবস্থাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় তথা ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ এমচিএলএ ছাউৰাইগ্ৰা বসুমতাৰী নিজাববীয়াকৈ আগবাঢ়ি আহে আৰু বিদ্যালয় খনৰ বিধ্বস্ত হৈ পৰা মুধচৰ বাবে নতুন টিনপাত লগাই দিয়াৰ ব্যবস্থা কৰে ।

প্ৰতিদিন গোষ্ঠীৰ বাতৰিৰ আতঁধৰি যোৱা শনিবাৰে চিৰাঙৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱ নিজে বামুনগাঁও হাইস্কুল পৰিদৰ্শন কৰে আৰু ক্ষয়ক্ষতিৰ বুজ লয় আৰু তাৰ পিছতেই উপায়ুক্ত কাৰ্যালয়ৰ দুৰ্যোগ ব্যৱস্থাপনাৰ বিভাগৰ জৰিয়তে দহটা ত্ৰিপাল যোগান ধৰে ।

সোমবাৰে বামুনগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক অনিল মুছাহাৰীয়ে প্ৰতিদিন গোষ্ঠীৰ সাংবাদিকৰ আগত এই তথ্য সদৰি কৰে । তেখেতে কয় যে বামুনগাঁও হাইস্কুলৰ ছাত্ৰ ছাত্ৰী সকলৰ স্বাৰ্থত বাতৰিৰ জৰিয়তে বিদ্যালয়ৰ সমস্যাখিনি সঠিক ৰূপত উপস্থাপন কৰি চৰকাৰৰ দৃষ্টি আকর্ষণ কৰাৰ কাৰণেই আজি আমাৰ বিদ্যালয়ৰ সমস্যাখিনিৰ সমাধান হোৱাৰ দিশে আগবাঢ়িছে যাৰ কাৰণে প্ৰথমে প্ৰতিদিন গোষ্ঠীৰ সাংবাদিকক ধন্যবাদ জ্ঞাপন কৰে আৰু স্থানীয় এমচিএলএ ছাউৰাইগ্ৰা বসুমতাৰীৰ প্ৰচেষ্টাৰো শলাগ লয় ।

আজি বামুনগাঁও হাইস্কুলৰ ভুক্তভোগী ছাত্ৰ ছাত্ৰী সকলেও সমূহীয়া ভাৱে প্ৰতিদিন গোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰে লগতে বিটিচি প্ৰশাসনকো ধন্যবাদ জ্ঞাপন কৰে । উল্লেখ যে যোৱা ১৬ এপ্ৰিল তাৰিখে প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত বামুনগাঁও হাইস্কুলৰ ষষ্ঠ, সপ্তম, অষ্টম শ্ৰেণীৰ উপৰি প্ৰধানশিক্ষকৰ কাৰ্যালয় আৰু শিক্ষক শিক্ষয়িত্ৰীৰ জিৰণী কোঠালীৰো ক্ষয়ক্ষতি হৈছিল । অধিকাংশ শ্ৰেণীকোঠাৰ মুধচৰ টিনপাত চালনিৰ দৰে ছিদ্ৰ কৰি পেলাইছিল ।

ঘটনাৰ পিছদিনাই বিদ্যালয় কতৃপক্ষই শিক্ষা বিভাগৰ উৰ্দ্ধতন কতৃপক্ষ, জিলা উপায়ুক্ত লগতে স্থানীয় বিটিচিৰ পাৰিষদকো বিষয়টো অৱগত কৰিছিল ।কিন্তু দুৰ্ভাগ্যজনক কথা যে এমাহ অতিক্ৰম কৰাৰ পিছতো তেওঁলোকৰ পৰা কোনো সঁহাৰি লাভ নকৰা দেখি নিজৰ সন্তানৰ ভবিষ্যতৰ কথা চিন্তা কৰি উপায়ন্তৰ হৈ বিদ্যালয়ৰ অভিভাৱক সকলে প্ৰতিদিন গোষ্ঠীৰ সাংবাদিকৰ সৈতে যোগাযোগ কৰে । সেই মৰ্মে বামুনগাঁও হাইস্কুলৰ বিধ্বস্ত ৰূপৰ বাতৰি যোৱা ১৩ মে'ত প্ৰতিদিন ডিজিটেল পেজত প্ৰকাশ পোৱাৰ উপৰি প্ৰতিদিন টাইমতো এই বাতৰি সবিস্তাৰে সম্প্ৰচাৰিত হৈছিল ।

আৰু পঢ়ক: ডুলু চাহ বাগিছাত হোৱা উচ্ছেদৰ বিৰোধিতাৰে কলিয়াবৰত উত্তাল প্ৰতিবাদ…

assam chirang