/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/engineer.jpg)
ডিজিটেল ডেস্ক : চৰকাৰে ভাগে ভাগে খুলিছে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান। এই কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ পৰা ডিপ্লমা লোৱা ছাত্ৰ-ছাত্ৰীক চাকৰিৰ বাবে সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ বাবে স্বীকৃতি নিদিয়াৰ ঘটনা ঘটিছে। লোকনিৰ্মাণ বিভাগৰ শেহতীয়া কনিষ্ঠ অভিযন্তা (চিভিল) নিযুক্তি প্ৰক্ৰিয়াত হোৱা এনে ঘটনাই ডিপ্লমাধাৰী প্ৰাৰ্থীক হতাশ কৰিছে।
সমান্তৰালভাৱে চৰকাৰখনৰ নিযুক্তি নীতিৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে। চৰকাৰী কাৰিকৰী শিক্ষানুষ্ঠানৰ পৰা লোৱা কাৰিকৰী শিক্ষাৰ প্ৰমাণপত্ৰক চৰকৰে নিজেই নসাৎ কৰিছে। তাকেই লৈ হতভম্ভ হৈ পৰিছে উচ্চ শিক্ষিত ছাত্ৰ-ছাত্ৰীসকল।
শেহতীয়ভাৱে লোকনিৰ্মাণৰ কনিষ্ঠ অভিযন্তা পদৰ পৰা বঞ্চিত হৈ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে কোকৰাঝাৰ চেন্ট্ৰেল ইনষ্টিটিউট অব্ টেকন'লজিৰ পৰা কনষ্ট্ৰাকচন টেকন'লজিত ডিপ্লমাধাৰী ৩৩ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী।