মুকলিকৈ উৎকোচ লৈ চাকৰিৰ পৰা নিলম্বন চৰকাৰী কৰ্মচাৰী

মুকলিকৈ উৎকোচ লৈ চাকৰিৰ পৰা নিলম্বন চৰকাৰী কৰ্মচাৰী

author-image
Asomiya Pratidin
New Update
মুকলিকৈ উৎকোচ লৈ চাকৰিৰ পৰা নিলম্বন  চৰকাৰী কৰ্মচাৰী

ডিজিটেল সংবাদ, মানকাচৰঃ চৰকাৰী কাৰ্যালয়ত মুকলিকৈ উৎকোচ লৈ চাকৰিৰ পৰা নিলম্বন হ'ল চৰকাৰী কৰ্মচাৰী। মানকাচৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ জেষ্ঠ সহায়ক আখেৰু জ্জামান শেখক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।

মাটিৰ কামৰ বাবে জেষ্ঠ সহায়কজনে ভুক্তভূগীৰ পৰা ঘোচ লোৱাৰ অভিযোগ। টকা নহ'লে কোনো কাম নকৰাৰো অভিযোগ আছে জেষ্ঠ সহায়ক জনৰ বিৰুদ্ধে।

জলসিঞ্চন বিভাগৰ কৰ্মচাৰী হিচাপে নিয়োজিত আখেৰু জ্জামান শেখ দীৰ্ঘ দিন ধৰি মানকাচৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত জেষ্ঠ সহায়ক হিচাপে দায়িত্ব পালন কৰি আহিছিল।

তেতিয়াৰ পৰাই মাটিৰ কামৰ বাবে যোৱা লোকৰ পৰা উৎকোচ লোৱা আৰম্ভ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। দীর্ঘ দিনৰ পৰা উৎকোচ লৈ বিশাল সম্পত্তিৰ পাহাৰ গঢ়ি তোলাৰো অভিযোগ তুলিছে ৰাইজে।

তেওঁৰ সম্পত্তিৰ বিৰুদ্ধে CBI তদন্তৰ দাবী তুলিছে মানকাচৰ জিলা এআইইউডিএফক সভাপতি নজমুল আৰপিন। লক্ষণীয় যে মাটিৰ কাম কৰি দিয়াৰ নামত মুকলিকৈ ধন লোৱাৰ কেবাটাও ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাছত ইতিমধ্যে জিলা প্ৰশাসনে নিলম্বন কৰিছে জেষ্ঠ সহায়ক জনক।

ইতিমধ্য তদন্ত আৰম্ভ কৰিছে জিলা প্ৰশাসনে। তদন্তত দোষী সাব্যস্ত হ'লে চাকৰিৰ পৰা বৰ্খাস্ত হ'ব পাৰে জেষ্ঠ সহায়ক আখেৰুজ্জামান শেখ। তেওঁৰ বিৰুদ্ধে দল সংগঠনে আজি এজাহাৰ দাখিল কৰিব বুলিও জানিব পৰা গৈছে।

Also Read: সাধাৰণ লোকক হাৰাশাস্তি কৰাতকৈ পোনপটীয়াকৈ মোৰ ওচৰলৈ আহক: জি পি সিং

Assam police