কেন্দ্ৰীয় চৰকাৰে ক্ৰয় কৰিব ১ কোটি ZyCov-D ভেকচিন…

কেন্দ্ৰীয় চৰকাৰে ক্ৰয় কৰিব ১ কোটি ZyCov-D ভেকচিন…

author-image
asomiyapratidin
New Update
কেন্দ্ৰীয় চৰকাৰে ক্ৰয় কৰিব ১ কোটি ZyCov-D ভেকচিন…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে Zydus Cadilaৰ পৰা বেজীসহ ১ কোটি কোৰোনা ভেকচিন ক্ৰয় কৰিব। ভেকচিনৰ  প্ৰতিটো ড'জ অৰ্থাৎ পালিৰ দাম ২৬৫ টকা। কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ পাছত Zydus Cadila কোম্পানীটোৱে কোভিড-১৯ৰ প্ৰতি পালি ভেকচিনৰ মূল্য ২৬৫ টকাত বিক্ৰী কৰিবলৈ সহমত হৈছে।

আৰু পঢ়কঃ এনপিএছ ইন্টাৰনেশ্যনেল স্কুলত ছয়মহীয়া পৰীক্ষা বাতিল, নিয়মীয়া পাঠদান বন্ধ কৰি মঙলবাৰৰ পৰা হ'ব অনলাইন ক্লাছ…

অৱশ্যে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল'বলৈ এতিয়াও বাকী বুলি জানিব পৰা গৈছে। Zydus Cadilaৰ ZyCov-D ভেকচিনক দেশৰ ১২ বা তাতকৈ অধিক বছৰ বয়ংসৰ লোকক দিবলৈ অনুমতি প্ৰদান কৰা হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, আহমেদাবাদস্থিত এই ফাৰ্মা কোম্পানীটোৱে প্রথমে তিনি ড'জৰ এই ভেকচিনৰ বাবে ১৯০০ টকাৰ প্ৰস্তাৱ দিছিল।