/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/mehbebup.jpg)
ডিজিটেল ডেস্ক: ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকনলজি, মেঘালয়ৰ আচাৰ্য মেহবুবুল হকক শুকুৰবাৰে প্ৰদান কৰা হয় "ৰাজ্যপালৰ উৎকৰ্ষ বঁটা"। উচ্চ আৰু কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী আৰু অসামান্য অৱদান আগবঢ়োৱাৰ বাবে মেঘালয়ৰ ৰাজ্যপাল সত্যাপালে প্ৰদান কৰে এই বঁটা। এই গৰাকী ব্যক্তিয়ে তেওঁৰ সকলো শিক্ষানুষ্ঠান অসম আৰু মেঘালয়ৰ গ্ৰাম্যাঞ্চলত প্ৰতিষ্ঠা কৰিছিল।
জৈৱিক কৃষি পদ্ধতিৰ জৰিয়তে হালধি খেতিৰ বাবে আত্মসহায়ক গোট গঠনৰ বাবে ৮০০ তকৈও অধিক গ্রাম্য মহিলাক এক নীৰৱ বিপ্লৱৰ নেতৃত্ব দিয়া বিদ্যালয়ৰ শিক্ষক পদ্মশ্রী ট্রিনিটি চাইও একটা অনুষ্ঠানতে ৰাজ্যপালৰ উৎকৰ্ষ বঁটা লাভ কৰে। ২০২২ চনৰ ২৬ আগষ্টৰ সন্ধিয়া এক বৃহৎ সমাবেশৰ উপস্থিতিত শ্বিলঙৰ ৰাজ ভৱনত ৰাজ্যপালে এই বঁটা প্ৰদান কৰে।
এই বঁটা গ্ৰহণ কৰি মেহবুবুল হকে মেঘালয় ৰাজ্য আৰু ইয়াৰ লোকসকলক উচ্চ আৰু কাৰিকৰী শিক্ষাৰ বিস্তাৰ লগতে বিভিন্ন আউটৰিছ কার্যকলাপেৰে সমাজৰ সেৱা আগবঢ়োৱাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ আপন কৰে। উল্লেখ্য যে, দেশৰ অন্য প্রাপ্তৰ উপৰিও উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ ৫০০০ ৰো অধিক শিক্ষার্থীয়ে ইউএছটিএমত উচ্চ শিক্ষা গ্ৰহণ কৰি আছে।
অসমৰ কৰিমগঞ্জ জিলাৰ গুৰবোগুলৰ এখন দুৰৱৰ্তী গাওঁ বৰচাৰাৰ এটা দৰিদ্ৰ পৰিয়ালত জন্ম গ্রহণ কৰা মেহবুবুলে প্ৰাৰম্ভিক জীৱনত মাক-দেউতাকক হেৰুৱাইছিল । পঢ়া শুনা অব্যাহত ৰাখিবলৈ ব্যক্তিগতভাবে টিউচন আৰু স্থানীয় বজাৰত পাচলি বিক্ৰী কৰিব লগা হৈছিল মেহবুবুলে। আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানত স্নাতকোত্তৰ হকে কেৱল এক লক্ষ্যৰে অসমলৈ ঘূৰি আহিবলৈ বহুজাতিক কোম্পানীবোৰৰ পৰা উচ্চ বেতনৰ চাকৰিৰ প্ৰস্তাৱ প্রত্যাখ্যান কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/40a2356f-7d9e-4b4d-ac7e-a7ac10b972d4-1024x683.jpg)
তেওঁৰ বিনীত যাত্ৰা আৰম্ভ হৈছিল গুৱাহাটীৰ এটা ভাড়াঘৰত ১টা কম্পিউটাৰ আৰু ৪ জন শিক্ষার্থীৰ সৈতে। তেওঁৰ পকেটত মাত্র ৮৫ টকা আছিল। তেওঁ কম্পিউটাৰ এছেম্বণ্ড কৰিছিল আৰু কম্পিউটাৰ লেবৰ বাবে ৰাজহ উপাৰ্জন কৰিবলৈ সেইবোৰ বজাৰত বিক্ৰী কৰিছিল। তেওঁ এনেকুৱা প্ৰত্যাহ্বানৰ সম্মুখীন হৈছিল যে আনকি ঘৰ মালিকেও তেওঁৰ বিত্তীয় অৱস্থা দেখি তেওঁক ভাড়া দিবলৈ বিচৰা নাছিল। অৱশ্যে, তেওঁৰ অধ্যায়ন কেন্দ্রটো সমগ্ৰ দেশতে মণিপাল গোটৰ দ্বিতীয় সর্বশ্রেষ্ঠ অধ্যয়ন কেন্দ্ৰ হৈ পৰিছিল। তাৰ পিছত তেওঁ চেন্ট্ৰেল আইটি কলেজ স্থাপন কৰে।
প্রাক্তন ৰাষ্ট্ৰপতি প্রণৱ মুখার্জীৰ উপস্থিতিত ভিজিঅ'নেৰী এডুপ্রেনিউৰ-20১৭ বঁটা প্ৰাপক আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে অসম সাহিত্য সভাই প্ৰদান কৰা 'শিক্ষাচার্য বঁটা -২০১১' ৰে কৰিছিল। হকে এই স্বীকৃত দুখন উচ্চতৰ মাধ্যমিক বিদ্যালয়, এখন এ. আই. চি.টি.ই অনুমোদিত অভিযান্ত্রিক হাবিদ্যালয়, দুখন পিটিআই অনুমোদিত ফার্মাটী মহাবিদ্যালয়, এখন বিডিআই অনুমোদিত আইন বিদ্যালয়, এখন আই.টি.ই. অনুমোদিত বাণিজ্য বিদ্যালয়, এখন এনচি ই টি , অনুমোদিত বি এড. মহাবিদ্যালয়, এখন মহিলা মহাবিদ্যালয় আৰু তেওঁৰ সৰ্ববৃহৎ সপোনৰ উদ্যোগ, ইউনিভার্সিটা অৱ চায়েন্স এণ্ড টেকন'নাজি মেঘালয়ৰ জৰিয়তে কেজিৰ পৰা পিজি পিৰ পৰা এইচডিলৈ শিক্ষা প্ৰদান কৰা কেইবাটাও আগশাৰীৰ শিক্ষানুষ্ঠান স্থাপন কৰে।
বিজ্ঞান আৰু প্ৰযুক্তি মেঘালয় বিশ্ববিদ্যালয়। ২০১১ চনত মাত্র ছয়জন শিক্ষার্থীৰে ইউ এছ টি এম আৰম্ভ কৰা হৈছিল। ১০ বছৰৰ ভিতৰত, ইউ.এছ.টি এমে ২০২১ চনত মূল্যাংকনেৰে প্রথম চক্রতেই এন. এ. এ.চি ৰখাৰা "এ গ্রেড" ৰেটিং স্বীকৃতিৰ বিৰল সন্মান লাভ কৰিছিল। ইউএছটি এম এতিয়া এনআইআৰএফ ২০২২ ৰেংকিঙত ভাৰতৰ শীৰ্ষ ২০০ মন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান পাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/171f99a8-b363-41c5-a72a-470d73cdd8ca-1024x683.jpg)
তেওঁৰ দ্বাৰা স্থাপিত প্রতিষ্ঠানবোৰে ১০,০০০ ৰো অধিক শিক্ষার্থীক গুণগত মানৰ শিক্ষা প্ৰদান কৰি আছে, যাৰ ভিতৰত ৩৫ শতাংশ থলুৱা জনজাতিৰ, ২০ শতাংশ সুবিধা বঞ্চিত পিছপৰা শ্ৰেণীৰ আৰু বিনামূলীয়া শিক্ষা লাভ কৰে, ৮০ শতাংশ গ্ৰাম্য অঞ্চলৰ ৫ শতাংশ বালিকা ছাত্ৰী। তেওঁৰ গতিশীল নেতৃত্বত ১২০০ ৰো অধিক শিক্ষক-শিক্ষয়িত্রী, প্রশাসনিক আৰু অনশিক্ষক কৰ্মচাৰীয়ে প্ৰতিষ্ঠান সমূহৰ বিকাশৰ বাবে কাম কৰি আছে।
ইউ এছ টি এম চুবুৰীয়া মিছনৰ অধীনত ইউ এছ টি এমৰ বিভিন্ন বিভাগে চুবুৰীয়া গাওঁবোৰ গ্ৰহণ কৰিছে আৰু এই গাওঁবোৰৰ শিশু সকলে বিশ্ববিদ্যালয়খনত বিনামূলীয়া শিক্ষা লাভ কৰি আহিছে। মেহবুবুল হকৰ এক অনন্য পদক্ষেপ হৈছে পে বেক নীতিৰ প্ৰৱৰ্তন আৰু ৰূপায়ণ। যাৰ অধীনত প্ৰতিযোগিতা মূলক পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষার্থী সকলক তেওঁলোকৰ সম্পূৰ্ণ পাঠ্যক্ৰমৰ মাচুল ঘূৰাই দিয়া হয় যিটো তেওঁলোকে ইউএছটিএমক পৰিশোধ কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/WhatsApp-Image-2022-08-26-at-7.27.53-PM-1024x683.jpeg)
শিক্ষাৰ উপৰিও তেওঁ আন বহুতো কল্যাণ মূলক কার্যকলাপ যেনে ছাত্রবৃত্তি, এণ্ডোমেণ্ট ফাণ্ড, ফেল পি, জৰীকালীন চিকিৎসা সহায্য, সূত মুক্ত ঋণ, সাহায্য অভিযান, স্বাস্থ্য শিবিৰ আদি আৰম্ভ কৰিছে। তেওঁ পৰিবেশ সুৰক্ষা আৰু শক্তিৰ দক্ষ ব্যৱহাৰৰ বিষয়ে অত্যন্ত সংবেদনশীল। যিটো সেউজ উদ্যোগ আৰু সেউজ চৌহদত প্রতিফলিত হয়, যাৰ বাবে ইউএছটিএমে ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ অধীনত বহুতো বঁটা লাভ কৰিছে।
ইউএছটি এমৰ ভৱিষ্যতৰ ৰোডমেগত গ্ৰাম্য শিক্ষাৰ ওপৰত গুৰুত্ব দি গৱেষণা আৰু সম্প্রসাৰণ কার্যকলাপ অন্তর্ভুক্ত কৰা আৰু এইক্ষেত্ৰত মাইলৰ খুটিত উপনীত হোৱা। তেওঁ ২০৩০ চনৰ ভিতৰত ইউ এছ টি এমক বিশ্বমানৰ বিশ্ববিদ্যালয় হিচাপে গঢ়ি তুলিবলৈ মাইলৰ খুঁটি স্থাপন কৰিছে, যাৰ উদ্দেশ্য হৈছে মেঘালয় ৰাজ্যক বিশ্ব শিক্ষাৰ গন্তব্য স্থান হিচাপে গঢ়ি তোলা আৰু সমগ্ৰ বিশ্বৰ শিক্ষাৰ্থী আৰু পণ্ডিতসকলক আকৰ্ষিত কৰা লগতে স্থানীয় যুৱক যুৱতীসকলক এক গোলকীয় সম্প্রদায় হিচাপে গঢ়ি তুলি লালন-পালন কৰা।
তেওঁৰ বৰ্তমানৰ সপোনৰ প্ৰকল্পটো হৈছে মেঘালয়ত অত্যাধুনিক গৱেষণাৰ সা-সুবিধাযুক্ত এখন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল স্থাপন কৰা। নিজৰ জন্ম স্থান কৰিমগঞ্জত এখন মহিলা বিশ্ববিদ্যালয় স্থাপন কৰাটো হৈছে তেওঁৰ আন এটা সপোনৰ প্ৰকল্প, এইক্ষেত্রত আইন প্রণয়ণৰ বাবে অসম চৰকাৰক দাখিল কৰা হৈছে।
আৰু পঢ়ক: লুকাল নে ঢুকাল? আজিও আমেৰিকাক লাগে অসমৰ ইফটিকাৰৰ খবৰ…