গণিত শিক্ষক অবিহনে ১০ বছৰে চলিছে চৰকাৰী হাইস্কুল

গণিত শিক্ষক অবিহনে ১০ বছৰে চলিছে চৰকাৰী হাইস্কুল

ডিজিটেল সংবাদ, ঢকুৱাখনা: নতুন শিক্ষা নীতি , শিক্ষা বিভাগৰ আমূল সংস্কাৰ নীতি কিম্বা শিক্ষক শিক্ষাৰ্থীৰ সমানুপাতিকৰণ এইবোৰ যেন সকলো ফুটুকাৰ ফেন । মুখত চৰকাৰী শিক্ষা খণ্ডৰ শৈক্ষিক ব্যৱস্থা উন্নীতকৰণৰ বাণী আওৰাই অহা মুখ্যমন্ত্ৰী শিক্ষা মন্ত্ৰীৰ অন্তসাৰশূণ্য অৱস্থা ঢকুৱাখনাত নগ্ন ৰূপত উন্মোচিত হৈছে।

ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহৰ উৎসৱ পাৰ্বনৰ ছুটি বাতিল কৰি যিমানেই শিক্ষা আৰু ব্যৱস্থাটোক গতিশীলতা প্ৰদানৰ চেষ্টা নকৰক শিক্ষা বিভাগ চৰকাৰে, শাসক গোষ্ঠী আৰু শিক্ষা বিভাগৰ কাণ্ডজ্ঞানহীন স্থিতিৰ বাবে এনে প্ৰয়াসে উজুটি খোৱাৰ সম্ভাৱনাই অধিক। লখিমপুৰ জিলা চক্ৰৰ অন্তৰ্গত ঢকুৱাখনা মহকুমাৰ এখন চৰকাৰী খণ্ডৰ উচ্চ শিক্ষানুষ্ঠানৰ প্ৰতি শিক্ষা বিভাগৰ দায়িত্ববোধহীনতাই এনে আশংকাকে প্ৰকট কৰিছে।

মহকুমাটোৰ বৃহত্তৰ সোৱণশিৰী অঞ্চলৰ মাধ্যমিক শিক্ষা ব্যৱস্থা প্ৰসাৰণৰ হেতু  ১৯৯৩ চনত শিক্ষানুৰাগী ৰাইজে স্থাপন কৰিছিল ভাটি মেদক উচ্চ মাধ্যমিক বিদ্যালয় । পৰৱৰ্তী সময়ত ২০১৩ চনত প্ৰাদেশীকৃত হোৱা এইখন উচ্চ মাধ্যমিক বিদ্যালয় বিগত ১০ টা বছৰ ধৰি এজনো গণিত বিষয়ৰ শিক্ষক নোহোৱাকৈ চলি আছে।  এই সুদীৰ্ঘ এটা দশক জোৰা শৈক্ষিক পৰিক্ৰমাত বিদ্যালয়খনৰ শিক্ষাৰ্থী সকলক গুণগত গণিত শিক্ষাৰে শিক্ষিত কৰাৰ ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষ সীমাহীন অভাৱ সমস্যাৰ সন্মূখীন হৈ আহিছে ।

বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰফু নাথ মেদকে যোৱা প্ৰায় এটা দশক ধৰি  মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী , সাংসদ, বিধায়ক ,উপায়ুক্ত , জিলা চক্ৰৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক আদি সকলোকে বহুবাৰ আবেদন নিবেদন জনাই আহিছে এগৰাকী গণিত শিক্ষক নিযুক্তিৰ বাবে । এই এটা দশকত বহু আমোলা বিষয়া আহিল আৰু গ'ল । কিন্তু বিদ্যালয়খনৰ এই কৌটিকলীয়া অভাৱহে পূৰণ নহ'ল। অতি সম্প্ৰতি প্ৰধান শিক্ষক গৰাকীয়ে শিক্ষাৰ্থী সকলৰ ভৱিষ্যত চিন্তা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ,শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু , বিধায়ক নৱ দলে, ৰাজ্য চৰকাৰৰ শিক্ষা আয়ুক্ত আৰু লখিমপুৰ জিলা আয়ুক্ত শোণিত সত্বাৱানক লিখিত আবেদন জনাই গণিত শিক্ষক এগৰাকী নিযুক্তিৰ দাবী জনাইছিল।

কিন্তু কোনো পক্ষৰ এই জটিল সমস্যাটো স্থায়ী সমাধানৰ বাবে আগ্ৰহ ন'হল।  সভাই সমিতিয়ে শিক্ষাৰ মানদণ্ড উন্নীতকৰণৰ হকে ভাষণৰ ফুলজাৰী মৰা এনেবোৰ আমোলা ৰাজনীতিকৰ শুভ বুদ্ধিৰ উদয় নহ'ল এগৰাকী গণিত শিক্ষকক নিযুক্তি দিয়াৰ । সংবাদ মাধ্যমৰ আগত বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি পদ্মেশ্বৰ মেদকে জনোৱা মতে যোৱা ২৫ আগষ্টত শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুক ,২৭ আগষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু ১৮আগষ্টত জিলা আয়ুক্তক লিখিত পত্ৰ প্ৰদান কৰি প্ৰায় ১৩২ গৰাকী শিক্ষাৰ্থী থকা বিদ্যালয়খনত পদ সহ এজন গণিত বিষয়ৰ শিক্ষকক নিযুক্তি দিয়াৰ পুনৰাহ্বান জনোৱা হয় ।

কিন্তু  বিদ্যালয়খনৰ শিক্ষাৰ্থী সকলৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি  দায়বদ্ধ নোহোৱা এইবোৰ পক্ষই এই স্পৰ্শকাতৰ অভাৱৰ প্ৰতি গুৰুত্ব দিয়াৰ সময় নহ'ল। পূৰ্বৰ দৰেই বিদ্যালয় কৰ্তৃপক্ষৰ শিক্ষক নিযুক্তিৰ দাবী সম্বলিত আবেদনবোৰ উচিষ্ট হৈ পৰি ৰ'ল সংশ্লিষ্ট বিভাগত । উপায়ন্তৰ বিদ্যালয় পৰিয়ালে এনেবোৰ দায়িত্বশীল পক্ষৰ ধাৰাবাহিক দায়িত্বহীন স্হিতিত অতিষ্ঠ হৈ বিদ্যাৰ্থী সকলৰ বিদ্যায়তনিক ভৱিষ্যতলৈ লক্ষ্য ৰাখি  এগৰাকী গণিত শিক্ষকক অস্থায়ী আৰু অবৈতনিক ভাবে  ৰাখি গুণগত গণিত শিক্ষা প্ৰদান কৰিব লগীয়া হৈছে ।

প্ৰাপ্ত তথ্য মতে বিদ্যালয় পৰিচালনা সমিতিয়ে  দুলাল শৰ্মা নামৰ গণিত বিষয়ৰ শিক্ষক এগৰাকীৰ জৰিয়তে এই বিষয়ৰ শিক্ষাদান কৰাৰ ব্যৱস্থা কৰি আহিছে বছৰ বছৰ ধৰি । বিদ্যালয় পৰিয়ালৰ নিজস্ব অৰ্থানুদানেৰে সামান্য মাননী দি শিক্ষক গৰাকীৰ জৰিয়তে গণিত শিক্ষা প্ৰদান কৰা বুলি জানিব পৰা গৈছে। শিক্ষক ছাত্ৰৰ সমানুপাতিকৰণ নীতিৰ আধাৰত শীঘ্ৰে এই বিদ্যালয়খনত এগৰাকী স্থায়ী গণিত বিষয়ৰ শিক্ষকক নিযুক্তি দি গ্ৰামাঞ্চলিয় ছাত্ৰ ছাত্ৰী সকলক নাৰ্য শিক্ষাৰ অধিকাৰ প্ৰদানৰ দাবী উত্থাপন কৰিছে অভিভাৱক ,বিদ্যালয় পৰিয়াল আৰু মিচিং জাতিয় সংগঠন সমূহে ।

অন্যথাই মিচিং জাতীয় সংগঠনৰ উদ্যোগত প্ৰাপ্য মৌলিক অধিকাৰৰ পৰা বঞ্চিত শিক্ষাৰ্থী সকল আৰু অভিভাৱক সকলৰ সহযোগত এক প্ৰতিবাদী গণতান্ত্ৰিক আন্দোলন আৰম্ভ কৰাৰ সকীয়নী দিছে সংগঠনটোৱে ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in