পাভ বনাঞ্চলত উচ্ছেদ চলাবলৈ সাজু চৰকাৰ; ৬০০ গৰাকী আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়ন...

১০ জানুৱাৰীৰ পৰা পাভ বনাঞ্চলত উচ্ছেদ চলাব বন বিভাগে। অবৈধ বেদখলকাৰীক ১০ জানুৱাৰীৰ পূৰ্বে বনাঞ্চলৰ ত্যাগৰ নিৰ্দেশ SPৰ ।

author-image
Asomiya Pratidin
New Update
পাভ বনাঞ্চলত উচ্ছেদ চলাবলৈ সাজু চৰকাৰ; ৬০০ গৰাকী আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়ন...

পাভ বনাঞ্চলত উচ্ছেদ চলাবলৈ সাজু চৰকাৰ

ডিজিটেল ডেস্ক: বনাঞ্চল ধ্বংস ৰোধ কৰিবৰ বাবে চৰকাৰৰ পদক্ষেপ। ১০ জানুৱাৰীৰ পৰা পাভ বনাঞ্চলত উচ্ছেদ চলাব বন বিভাগে। অবৈধ বেদখলকাৰীক ১০ জানুৱাৰীৰ পূৰ্বে বনাঞ্চলৰ ত্যাগৰ নিৰ্দেশ SPৰ । ইতিমধ্যে উচ্ছেদক লৈ যাৱতীয় ব্যৱস্থা কৰিছে লখিমপুৰ প্ৰশাসনে লগতে ৬০০ গৰাকী আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে কৰিছে মকড্ৰিল। সোতায়ন কৰা হৈছে বঙালমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আৰক্ষী,অৰ্ধসামৰিক বাহিনীৰ বিশাল দল।

Advertisment

উল্লেখ্য যে, এসময়ত পাঠ্যপুথিত সন্নিবিষ্ট বনৰীয়া মহ’ৰ বাবে বিখ্যাত, ৱাইল্ড লাইফ গেম চেংঞ্চুৰী পাভ সংৰক্ষিত বনাঞ্চলে বৰ্তমান সময়ত বনাঞ্চলৰ মৰ্যদা হেৰুৱাই পেলাইছে ৷ ৪৬ .২৫ বৰ্গ কিঃমি ঘন অৰণ্য থকা বনাঞ্চল খনৰ কেৱল ০.৩২ বৰ্গ কিঃমি বনাঞ্চল হিচাপে বৰ্তী আছে ৷ এক কথাত সম্পূৰ্ণৰূপে নাইকিয়া হোৱাৰ দিশে এসময়ৰ জৈৱ বৈচিত্ৰ্যৰে ভৰা ৰাজ্যৰ বিখ্যাত বনাঞ্চল খন ৷

প্ৰায় দুই দশক পূৰ্বৰ পৰা এই বনাঞ্চলত অবৈধ দখল আৰম্ভ কৰে একাংশ লোকে ৷ ফলত বনাঞ্চলৰ সলনি জনাঞ্চলত পৰিণত হ’ল সংৰক্ষিত বনাঞ্চল খন ৷ বনাঞ্চল খনৰ ২৫৬০.২৫ হেক্টৰ বনভূমি সম্প্ৰতি বেদখলকাৰীৰ কৱলত ৷ বনাঞ্চল কাটি অবৈধ বেদখলকাৰীয়ে স্থায়ী আন্তঃগাঁথনিৰে বনাঞ্চলত গাঁও তৈয়াৰ কৰি স্থায়ীভাৱে বসবাস কৰি আহিছে। বনাঞ্চলৰ ভূমি নিজৰ দখলত ৰাখি বহুলোকে কৃষি কৰ্ম কৰাৰ উপৰিও এটা বিশেষ ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত একাংশ লোকে অবৈধভাৱে বনাঞ্চলত বসতি স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

ইতিমধ্যে লখিমপুৰৰ বন বিভাগে বনাঞ্চল দখলকাৰী সকলক বনাঞ্চল এৰিবলৈ শেষবাৰৰ বাবে বিগত বৰ্ষৰ ৭ চেপ্তেম্বৰত জাননী প্ৰেৰণ কৰে প্ৰায় ৭০০ টা পৰিয়ালক ৷ এই জাননী লাভৰ পাছতে উক্ত পৰিয়াল সমূহৰ একাংশলোকে স্ব-ইচ্ছাই বাসগৃহ ভাঙি বনাঞ্চল এৰিছে ৷ যোৱা সাত চেপ্তেম্বৰত বনাঞ্চল খন ৰ অবৈধ বাসিন্দা সকলক নাওবৈছাৰ ৰাজহ চক্ৰ বিষয়াই শেষ বাৰৰ বাবে মৌখিক ভাৱে প্ৰতিটো পৰিয়ালক বনাঞ্চল এৰিবলৈ নিৰ্দেশ দিছিল ৷

পোন্ধৰ দিনৰ সময় দি যোৱা ২০২১ চনৰ নৱেম্বৰ মাহৰ পৰা কেইবা বাৰো জাননী প্ৰেৰণ কৰে ৷ শেষ বাৰৰ বাবে যোৱা ৭ চেপ্তেম্বৰত জাননী প্ৰেৰণ কৰে প্ৰায় ৭০০ টা পৰিয়ালক ৷ ট ইতিমধ্যে প্ৰায় ৮৪ টা পৰিয়ালৰ ভূমিৰ আবেদন উপায়ুক্ত কাৰ্যলয়ৰ ৰাজহ বিভাগে পৰ্যবেক্ষণ কৰে ৷ যোৱা চেপ্তেম্বৰ মাহৰ সাত তাৰিখে শেষ বাৰৰ বাবে সময় সীমা দি প্ৰতিটো পৰিয়াললৈ জাননী প্ৰেৰণ কৰিছিল ৷ জাননী পোৱাৰ পিছতেই স্বেচ্ছাই বনাঞ্চল এৰিছে একাংশ লোকে।

ইফালে, উচ্ছেদ সন্দৰ্ভত লখিমপুৰ জিলা বন বিষয়া অশোক কুমাৰ দেৱ চৌধুৰীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰতিবেদকৰ সন্মুখত। তেওঁ কয়- "আমি তেওঁলোকক স্ব-ইচ্ছাই বনাঞ্চল এৰিবলৈ কৈছিলো ৷ একাংশই এৰিছে আৰু একাংশই এৰা নাই ৷ বনাঞ্চল খনত প্ৰথম পৰ্যায়ত ৫০৭ টা পৰিয়ালক উচ্ছেদ কৰা কথা আছিল । গৰিষ্ঠসংখ্যকেই আমাৰ কথা শুনি ঘৰ ভাঙি আঁতৰি গৈছে ৷ এই বাসিন্দা সকল সাধাৰণ জাতিৰ লোক ৷ ১০০টা মান পৰিয়াল এতিয়াও যাবলৈ বাকী আছে ৷ আমি বিচাৰিম স্ব-ইচ্ছাই তেওঁলোকো আঁতৰি যাওক ৷ নহলে আমি উচ্ছেদ কৰিবলৈ বাধ্য হম ৷”

আৰু পঢ়ক: নতুন সশস্ত্ৰ সংগঠন খোলাৰ পৰিকল্পনা ! শীৰ্ষস্থানীয় বিষয়া আটক সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষীৰ সংবাদমেল...

eviction assam