government abolish 8000 posts of school teachers
government abolish 8000 posts of school teachers

অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান নিঃশেষ কৰিব বিচাৰিছে ৰাজ্য চৰকাৰে !

ডিজিটেল ডেস্ক : ৰাজ্যৰ শিক্ষা বিভাগৰ এক জাননীক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জাননীত উল্লেখ থকা অনুসৰি ৰাজ্যৰ ৮ হাজাৰ প্ৰাথমিক শিক্ষকৰ পদ বিলুপ্তিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ৭ নৱেম্বৰত অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছিল এই জাননীখন।

জাননীত উল্লেখ কৰা অনুসৰি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ৪ হাজাৰ ২৮৫টা পদ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৩ হাজাৰ ৭১৫টা পদ বিলুপ্তিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসমৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত পৰিশিষ্ট ১ আৰু ২ তালিকা অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 

এই বিষয়ে জাননীযোগে প্ৰকাশ কৰিছে আই এ এছ বিষয়া ড০ বিজয় চৌধুৰীয়ে। এই জাননী প্ৰকাশ হোৱাৰ পিছতে ৰাজ্যজুৰি আৰম্ভ হৈছে ব্যাপক প্ৰতিক্ৰিয়া।

শাসনাধিস্ত বিজেপি চৰকাৰে অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানক কেন্দ্ৰ কৰি শেহতীয়াকৈ গ্ৰহণ কৰা সিদ্ধান্তসমূহে উত্তাল কৰি ৰখা ৰাজ্যখনত পুনৰ অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানলৈ ভাবুকি কঢ়িয়াই আনিব পৰা এই সিদ্ধান্তৰ কথা প্ৰকাশ পোৱাৰ পিছতে সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে দল, সংগঠনে বিৰোধিতা কৰি প্ৰতিবাদৰো হুংকাৰ দিছে।

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, ৰাজ্যৰ ৮ হাজাৰ প্ৰাথমিক পৰ্যায়ৰ নিয়মীয়া শিক্ষকৰ পদ বিলুপ্তিকৰণৰ সিদ্ধান্ত মানি লোৱা নহ'ব। তেওঁ কয় যে, চৰকাৰে অসমীয়া, বড়ো মাধ্যমৰ বিদ্যালয়সমূহ নিঃশেষ কৰিব বিচাৰিছে। নিঃশেষ কৰিব বিচাৰিছে আন জনগোষ্ঠীয় মাধ্যমৰ বিদ্যালয়সমূহো।

তেওঁ ৰাজ্য চৰকাৰক এই সিদ্ধান্ত শীঘ্ৰে বাতিলৰ দাবী উত্থাপন কৰিছে। ইয়াৰোপৰি মাতৃভাষা ধ্বংস কৰাৰ অপচেষ্টা নকৰিবলৈও ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই চৰকাৰক সকীয়নি প্ৰদান কৰিছে।

উল্লেখ্য যে ৰাজ্য চৰকাৰে শেহতীয়াকৈ এটাৰ পিছত আন এটা অসমীয়া ভাষা বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। অসম লোকসেৱা আয়োগৰ বাধ্যতামূলক অসমীয়া ভাষাৰ কাকতখন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত প্ৰাথমিক বিদ্যালয়ৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰম ইংৰাজী মাধ্যমত কৰা, শিক্ষানুষ্ঠানত বহিঃৰাজ্যৰ যুৱকক নিযুক্তি প্ৰদান কৰাকে ধৰি এটাৰ পিছত আন এটা অসমীয়া ভাষা বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে।

চৰকাৰৰ এনে সিদ্ধান্তৰ জৰিয়তে অসমীয়া ভাষাক নিঃশেষ কৰি ভাষিক জাতীয়তাবাদক ধ্বংসৰো চক্ৰান্ত ৰচনা কৰা বুলিও চৰ্চা চলি আহিছে। অতি শেহতীয়াকৈ ৮ হাজাৰৰো নিয়মীয়া শিক্ষকৰ পদ বুলিপ্তিকৰণৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তও ইয়াৰে এক অংশ বুলিও চৰ্চা চলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in