উৰিয়াগাঁৱত প্ৰতিবাদকাৰী ওচৰত সেওঁ মানিলে প্ৰশাসনে...

author-image
Asomiya Pratidin
New Update
উৰিয়াগাঁৱত প্ৰতিবাদকাৰী ওচৰত সেওঁ মানিলে প্ৰশাসনে...

ডিজিটেল সংবাদ,নগাঁও : প্ৰতিবাদকাৰীৰ ওচৰত সেওঁ মানিলে নগাঁও জিলা প্ৰশাসনে ৷ উৰিয়াগাৱঁত ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰনে অধিগ্ৰহণ কৰি পানীৰ দৰত ক্ৰয় কৰা মাটি বহিৰাগত বনিয়াক গতাই দিয়াৰ ঘটনাক লৈ চলা প্ৰতিবাদৰ পিছত নগাঁও জিলা প্ৰশাসনে উৰিয়াগাঁও বাইপাচত বহিৰাগত বনিয়াক কাম কৰাত স্থগিতাদেশ দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷

Advertisment

স্থানীয় লোক বুধবাৰে ৰাজপথলৈ ওলাই অহা পিছত নগাঁও ৰাজহ চক্ৰ বিষয়া ঘটনাস্থলীত উপস্থিত হয় ৷ জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদকে ধৰি স্থানীয় লোকে বিষয়া জনক প্ৰাধিকৰনে বহিৰাগত বনিয়াক গতাই দিয়া মাটি উন্নয়নৰ কাম সাময়িক ভাবে বন্ধ ৰাখিবলৈ দাবী জনাই ৷

সেই দাবীৰ ওচৰত সেও মানি বিষয়াজনে সংশ্লিষ্ট বনিয়া প্ৰতিস্থানক বিষয়টো মীমাংসা নোহোৱা পৰ্যন্ত কাম বন্ধ ৰাখিবলৈ নিৰ্দেশ দিব বুলি প্ৰতিবাদকাৰীক অৱগত কৰে ৷ বিষয়াজনৰ প্ৰতিশ্ৰুতিৰ পিছত প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সামৰনি পেলাই ৷

আৰু পঢ়ক : মিজোৰামত ১০ হাজাৰ মেথামফেটামাইন টেবলেট জব্দ

assam NOGAON