/asomiyapratidin/media/media_files/2025/06/10/Yb5PpGsi7ZtlzFe20o8E.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টী চমুকৈ কেপিপিৰ প্ৰতিষ্ঠাতা অতুল চন্দ্ৰ ৰায়ৰ ৫ম মৃত্যু বাৰ্ষিকী উপলক্ষে কালি অৰ্থাৎ সোমবাৰে ধুবুৰী জিলাৰ গৌৰীপুৰ নামঘৰ প্ৰাংগণত এখনি স্মৰণ সভা অনুষ্ঠিত হয়।
উক্ত স্মৰণ সভাত কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীৰ অসম ৰাজ্যিক কমিটীৰ সাধাৰণ সম্পাদক নিৰ্মল দাস উপস্থিত থাকে। কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীৰ কৰ্ম-কৰ্তা সকলে অনুষ্ঠানটোত কেপিপিৰ প্ৰতিষ্ঠাতা অতুল চন্দ্ৰ ৰায়ৰ প্ৰতিচ্ছবিত মাল্যঅৰ্পণ কৰি শ্ৰদ্ধাণ্জলি নিবেদন কৰে।
উক্ত অনুষ্ঠানতে কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীৰ অসম ৰাজ্যিক কমিটীৰ সাধাৰণ সম্পাদক নিৰ্মল দাসৰ উপস্থিতিত বাপন ৰায়ক সভাপতি আৰু জহিৰুল হকক সাধাৰণ সম্পাদক হিচাপে লৈ ১১ জনীয়া কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীৰ ধুবুৰী জিলা কমিটী খন গঠন কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us