চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা পৰিচয়বিহীন কিশোৰীৰ পৰিচয় উদ্ধাৰঃ প্ৰেমিকে কৰিলে হত্যা !

চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা পৰিচয়বিহীন কিশোৰীৰ পৰিচয় উদ্ধাৰঃ প্ৰেমিকে কৰিলে হত্যা !
চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা পৰিচয়বিহীন কিশোৰীৰ পৰিচয় উদ্ধাৰঃ প্ৰেমিকে কৰিলে হত্যা !

ডিজিটেল সংবাদ গৌৰীপুৰঃ অৱশেষত সন্ধান ওলাল পৰ্বতঝোৰাৰ ৰামশ্বৰবৰ ঘন অৰণ্যত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা কিশোৰীগৰাকীৰ পৰিচয়। উল্লেখ্য যে, যোৱা ১৬ ডিচেম্বৰৰ পুৱা কাজিগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত পানবাৰীৰ পেট্ৰ'ল পাম্পৰ নিলগত থকা ৰামশ্বৰবৰ ঘন অৰণ্যৰ মাজত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী কিশোৰী।

সেই অৱস্থাত কিশোৰীগৰাকী উদ্ধাৰ হ'লেও অৱশ্যে দীৰ্ঘ সময়লৈকে তেওঁৰ কোনো পৰিচয় উদ্ধাৰ কৰিব পৰী নগৈছিল। ইফালে এই বাতৰি বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তেও প্ৰচাৰ হৈছিল।

তাৰ ভিত্তিতেই ২০ ডিচেম্বৰ বুধবাৰে সেই মৃতদেহৰ পৰিচয় লাভ কৰিলে আৰক্ষীয়ে। কেৱল সেয়াই নহয়, কিশোৰীগৰাকীক দৰাচলতে হত্যাহে কৰা হৈছিল। এই অভিযোগ পৰিয়ালৰ।

পৰিয়ালৰ লোকে সন্দেহ কৰা মতে এই কিশোৰীগৰাকীক প্ৰায় এটা বছৰ পূৰ্বে আলমগঞ্জ নৱম খণ্ড গাঁৱৰ আলিম উদ্দিন নামৰ লোকজনৰ পুত্ৰ আকতাৰ হুছেইন নামৰ এজন যুৱকে পলুৱাই আনিছিল। কিশোৰীগৰাকী আছিল ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত চিৰাখোৱা চতুৰ্থ খণ্ড গাঁৱৰ আশ্ৰাফ আলী নামৰ লোকজনৰ কন্যা।

সেই সময়ত কিশোৰীগৰাকীৰ বয়স আছিল মাত্ৰ ১৪ বছৰ। যিহেতু কিশোৰীগৰাকীক নিকাহৰ বাবে উপযুক্ত বয়স হোৱা নাছিল সেয়ে স্থানীয় লোকে যুৱকজনৰ লগত চুক্তিপত্ৰ কৰি পুনৰ ঘৰলৈ ঘূৰাই পঠিয়াইছিল।

কিশোৰীগৰাকীৰ মাতৃয়ে উল্লেখ কৰা অনুসৰি আকতাৰ হুছেইনে বিগত বুধবাৰে ছোৱালীজনীক ঘৰৰ পৰা লৈ আনিছিল। ইয়াৰ পাছত শুকুৰবাৰে হত্যা কৰি এইদৰে ফাঁচী লগাই ওলমাই ৰাখিছে।

সেয়ে এতিয়া পৰিয়ালে দোষীৰ উপযুক্ত শাস্তিৰ দাবীৰে ন্যায় বিচাৰিছে। অৱশ্যে পৰিয়ালৰ এই অভিযোগ কিমান সত্য অথবা সঁচাকৈয়ে এইদৰে কিশোৰীগৰাকীক হত্যা কৰা হ'ল নেকি, সেয়া আৰক্ষীৰ সঠিক তদন্ততহে পোহৰলৈ আহিব।

চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা পৰিচয়বিহীন কিশোৰীৰ পৰিচয় উদ্ধাৰঃ প্ৰেমিকে কৰিলে হত্যা !
আজি বিৰোধী বিহীন ৰাজ্যসভাত গৃহীত হ'ব ভাৰতীয় ন্যায় ব্যৱস্থাৰে জড়িত তিনিখনকৈ গুৰুত্বপূৰ্ণ বিধেয়ক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in