প্ৰসংগ বৃহৎ নদীবান্ধঃ অসমৰ স্বাৰ্থত চীনৰে জলচুক্তি কৰাৰ দাবী গৌৰৱ গগৈৰ

তিব্বতত ব্ৰহ্মপুত্ৰৰ বুকুত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কুচকাৱাজ চলাই থকা চীনক ৰুধিবলৈ শীঘ্ৰেই চুবুৰীয়া দেশখনৰ সৈতে এক জলচুক্তি সম্পাদন কৰাটো সময়ৰ আহ্বান হৈ পৰিছে। 

author-image
Asomiya Pratidin
New Update
প্ৰসংগ বৃহৎ নদীবান্ধঃ অসমৰ স্বাৰ্থত চীনৰে জলচুক্তি কৰাৰ দাবী গৌৰৱ গগৈৰ

ডিজিটেল ডেস্কঃ চীনত নিৰ্মাণ কৰিবলৈ লোৱা বৃহৎ নদীবান্ধে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰলৈ কঢ়িয়াই আনিব পৰা ভয়াৱহ বিপদৰ সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰিছে বিভিন্ন মহলে। বিষয়টোক লৈ লোকসভা আৰু ৰাজ্যসভাত অসমৰ কেইবাজনো সাংসদ সক্ৰিয় হৈছে। 

Advertisment

তাৰ মাজতে আজৌ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে এই বিষয়টো উত্থাপন কৰি চীনৰ সৈতে এক জলচুক্তি কৰাৰো পোষকতা কৰিছে। তেওঁ কয়, তিব্বতত ব্ৰহ্মপুত্ৰৰ বুকুত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কুচকাৱাজ চলাই থকা চীনক ৰুধিবলৈ শীঘ্ৰেই চুবুৰীয়া দেশখনৰ সৈতে এক জলচুক্তি সম্পাদন কৰাটো সময়ৰ আহ্বান হৈ পৰিছে। 

লোকসভাৰ শূন্যকালত বিষয়টোকলৈ উদ্বিগ্নতা ব্যক্ত কৰি কংগ্ৰেছ সাংসদ তথা উপ-দলপতি গৌৰৱ গগৈয়ে আজি কেন্দ্ৰীয় চৰকাৰক উক্ত চুক্তি সম্পাদন কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰ্জি জনায়। 

তেওঁ কয় যে ৰঙা চীনৰ উক্ত জল বিদ্যুৎ প্ৰকল্পই কেৱল দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষাই নহয়, জল সুৰক্ষা আৰু আঞ্চলিক স্থিৰতাকো বিঘ্নিত কৰিব পাৰে। সেয়েহে কেন্দ্ৰীয় চৰকাৰক বিষয়টোকলৈ তৎপৰ হ'বলৈ আহ্বান জনাই গগৈ এই কথাও জনাই যে, ইতিমধ্যে বিষয়টোকলৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ ওচৰত তেওঁৰ উদ্বিগ্নতা ব্যক্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আৰ্জি জনাইছে। 

ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰত চীনৰ একপক্ষীয় নিয়ন্ত্ৰণৰ বিষয়টো অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰাৰ বাবেও কংগ্ৰেছ সাংসদজনে চৰকাৰক পৰামৰ্শ প্ৰদান কৰে। তদুপৰি প্ৰস্তাৱিত নদীবান্ধটোয়ে নামনি অঞ্চলত থকা উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বিধ্বংসী বানপানী তথা ভায়ৱহ খৰাঙৰ পৰিস্থিতিও সৃষ্টি কৰিব পাৰে বুলি তেওঁ আশংকা ব্যক্ত কৰে।

সংবেদনশীল ভূৰাজনৈতিক প্ৰেক্ষাপটত ভাৰতক যিকোনো পৰিস্থিতৰ বাবে সাজু থাকিবলৈ আহ্বান জনাই গগৈয়ে এইক্ষেত্ৰত চীনৰ সৈতে এক জলচুক্তি স্বাক্ষৰৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে।

গৌৰৱ গগৈ লোকসভা চীন