যৌতুকৰ বাবে বোৱাৰী হত্যা! শহুৰেকে প্ৰাণ ল’লে গৰ্ভৱতী মহিলাৰ…

যৌতুকৰ বাবে বোৱাৰী হত্যা! শহুৰেকে প্ৰাণ ল’লে গৰ্ভৱতী মহিলাৰ…

author-image
asomiyapratidin
New Update
ৰাজ্যত ১০ বছৰত ২৮,০০০ ৰো অধিক আত্মহত্যাৰ ঘটনা, অপৰাধজনিত ঘটনাৰ সংখ্যা…

ডিজিটেল ডেস্ক: গোসাইগাঁও মহকুমাৰ ভাওৰাগুৰিৰ আহমেদপুৰ-পাটিয়াল পাৰাত শহুৰেকৰ হাতত প্ৰান গ'ল অন্তঃ স্বত্বা বোৱাৰীৰ। দেওবাৰে সন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত হয় এই ঘটনা।

অভিযোগ অনুসৰি যৌতুকৰ বাবে দীৰ্ঘ দিনৰ পৰা স্বামীৰ পৰিয়ালে মহিলা গৰাকীৰ ওপৰচ নিৰ্যাতন চলাই আহিছিল। দেওবাৰে পিতৃ পৰিয়ালৰ পৰা ৩০ হাজাৰ টকা আনিবলৈ কৈছিল শহুৰ আৰু স্বামীয়ে । তাৰ পাছতেই সূত্ৰপাত হয় কাজিয়াৰ।

শহুৰেক কুৰ্বান আলীয়ে কাঠেৰে বোৱাৰীক মুৰত প্ৰহাৰ কৰাত থিতাতে নিহত হয় অন্তঃ স্বত্বা মহিলা গৰাকী।
নিহত বোৱাৰী গৰাকী গোসাইগাঁও মহকুমাৰ দুই নম্বৰ বুঢ়িচাটাম গাঁৱৰ নিবাসী নূৰ মোহম্মদ সেখৰ কন্যা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে স্বামী মফিজুৰ ৰহমানক আটক কৰিছে যদিও বৰ্তমান অভিযুক্ত কুৰ্বান আলী পলাতক।

assam murder