/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/4274504a-5fe6-4d65-9a42-95d3a68787ef/4.jpg)
ডিজিটেল সংবাদ,মথুৰাপুৰঃ আজি গৰু বিহু। চ'ত আৰু বহাগৰ সংক্ৰান্তিৰ দিনাই পুৱাৰ পৰাই অসমীয়াৰ প্ৰাণৰ স্পন্দন ৰঙালী বিহুটো আৰম্ভ হয়। সমগ্ৰ অসমৰ লগতে চৰাইদেউ জিলাৰ মথুৰাপুৰতো গাৱেঁ গাৱেঁ গৃহস্থই কাহিলি পুৱাতে উঠি গো-ধনৰ শ্ৰীবৃদ্ধি কামনাৰে মাহ হালধিৰে নোৱাই- ধুৱাই গৰু বিহু পালনেৰে আনন্দত মতলীয়া হৈ পৰিছে৷
মথুৰাপুৰ গাঁৱৰ ৰাইজে একত্ৰিত হৈ পুৱাতে নিজৰ গৰু পথাৰ-বিল, খাল আদি লৈ নিয়া পাছত পৰম্পৰাগতভাৱে গৰু গাধোৱা কাৰ্য সম্পন্ন কৰে ৷ অৱশ্যে অঞ্চলটোৰ ঠায়ে ঠায়ে পানীৰ অভাৱত গৰু গা ধোৱাত সমস্যাত পৰিছে কৃষিজীৱী ৰাইজ ৷ গৃহস্থই লাও, বেঙেনা, কেৰেলা, থেকেৰা,হালধি আদি বাঁহৰ গাঁথি লৈ দীঘলতী মাখিয়তীৰে গৰু পিঠিত লাহেকৈ কোবাই গালৈ পানী চতিয়াই লাও-বেঙেনা মৰি গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰি পৰম্পৰাখিনি সম্পাদন কৰাৰ দেখা যায় ৷
ইফালে জ্যেষ্ঠ- কনিষ্ঠ সকলো একগোট হৈ পৰম্পৰা ৰখা কৰি কণী যুঁজত অংশগ্ৰহণ কৰা, আমলৰি পৰুৱা, এশ এবিধ শাক বিচৰাকে ধৰি গৰু বিহু পৰম্পৰাখিনি সম্পাদন কৰাৰ দেখা যায় ৷ আনহাতে আজি গৰু বিহুদিনাই শিশুসকলে চোতালে চোতালে বিহু গাই বছৰ টো কুশল মংগল কামনাৰে গৃহস্থ আশীৰ্বাদ প্ৰদান কৰা পৰিলক্ষিত হয় ৷
Also Read: বিহু নাচত মুখৰিত তিতাবৰৰ লক্ষীপুৰ প্ৰাথমিক বিদ্যালয়ৰ চৌহদ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us