গৰৈমাৰীত শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন…

গৰৈমাৰীত শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন…

author-image
asomiyapratidin
New Update
গৰৈমাৰীত শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন…

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীতো সোমবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন কৰা হয় ৷ গৰৈমাৰী গোপীনাথ সত্ৰৰ উদ্যোগত সত্ৰবাসী ৰাইজে মহাপুৰুষ শংকৰদেৱৰ তিথি উপলক্ষে সোমবাৰে ভাগৱত লৈ এখনি শোভাযাত্ৰা উলিয়ায় ৷

উল্লেখ্য যে হিন্দু-মুছলমান একত্ৰিত হৈ গৰৈমাৰীত বহু বছৰ পূৰ্বে এখন সত্ৰ স্থাপন কৰা হৈছে ৷ সত্ৰৰ যিকোনো কাৰ্যসূচীতেই ইছলামধৰ্মাৱলম্বী লোকে সদায় সহযোগ কৰি আহিছে ৷ বৃহত্তৰ মুছলমান এলেকাত হিন্দু-মুছলমান মিলি আমি সকলোৱে শান্তিৰে একত্ৰিত হৈ বসবাস কৰি থকা বুলি সত্ৰৰ লোকে প্ৰকাশ কৰে ৷

কাৰ্যসূচীত ভকত প্ৰবীন কলিতা, সত্ৰাধিকাৰ প্ৰবীন কলিতা, কৈলাস কলিতা, দীপক মেধি, বিপুল কলিতা, নিলমণি কলিতা, মহেন্দ্ৰ কলিতা, আনন্দিৰাম কলিতা, সুৰেশ কলিতা, লাছিত কলিতা, খৰ্গেশ্বৰ কলিতা, ধ্ৰুৱ কলিতা, মঠুৰা, উৰ্মিলা, শয়ান, অৱলা, মনৱী, গিৰীজা, বিন্দুৰ লগতে সত্ৰৰ সদস্যবৃন্দ, ৰাইজে অংশগ্ৰহণ কৰে ৷

assam