প্ৰাৰ্থীক ক্ষমতাৰ ভাগ দিব লাগে! জীৱনৰ বাজী লগাই চৰাঞ্চলত নাৱেৰে পাৰ হ’ল ভোটাৰ

প্ৰাৰ্থীক ক্ষমতাৰ ভাগ দিব লাগে! জীৱনৰ বাজী লগাই চৰাঞ্চলত নাৱেৰে পাৰ হ’ল ভোটাৰ

author-image
asomiyapratidin
New Update
প্ৰাৰ্থীক ক্ষমতাৰ ভাগ দিব লাগে! জীৱনৰ বাজী লগাই চৰাঞ্চলত নাৱেৰে পাৰ হ’ল ভোটাৰ

ডিজিটেল সংবাদ, গৰৈমাৰীঃ মঙলবাৰে পুৱা ৭ বজাৰ পৰা ৭নং গুৱাহাটী লোকসভা সমষ্টিত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ আৰম্ভ হৈছে যদিও ঠাইবিশেষে দুই-এটা ভোটকেন্দ্ৰত ই ভি এম মেচিনৰ বিজুতিৰ বাতৰিও আহিছে৷ জানিব পৰা মতে, বকো সমষ্টিৰ অন্তৰ্গত দক্ষিণ ডেকাচাং প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত ই ভি এম মেচিনৰ বিজুতি ঘটে৷

তাৰপিছত ই ভি এম মেচিন সলনি কৰাত পুৱা ৭ বজাৰ পৰিৱৰ্তে ৮.৩০ বজাৰ পৰা পুনৰ ভোটগ্ৰহণ আৰম্ভ হয়৷ আনহাতে ছয়গাঁও সমষ্টিৰ গৰৈমাৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত টুক্ৰাপাৰা ছোৱালী হাইস্কুলৰ সোঁশাখাৰ ই ভি এম মেচিনৰ বিজুতি ঘটাত প্ৰায় ডেৰ ঘণ্টা পলমকৈ ভোটগ্ৰহণ আৰম্ভ হয়৷

বৰাখাট প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত বিভাগীয় বিষয়াই ৫০জন ভোটাৰে ভোট দিয়া সময়ত ভোটখিনি বিজেপিৰ পদুম ফুলৰ চিহ্নত পৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে ই ভি এম মেচিনটো ঠিক কৰি পুনৰ ভোটগ্ৰহণ আৰম্ভ কৰা বুলি জানিব পৰা যায়৷ উল্লেখ্য যে, টুক্ৰাপাৰা ভোটগ্ৰহণ কেন্দ্ৰত মঙলবাৰে পুৱাৰে পৰা পুৰুষ-মহিলা ভোটাৰৰ দীঘলীয়া শাৰী দেখা যায়৷

ইফালে, ছয়গাঁৱৰ চৰাঞ্চলত ভোটাৰসকলে যন্ত্ৰচালিত নাওযোগে ব্ৰহ্মপুত্ৰৰে বিপদসংকুলভাৱে ভোটকেন্দ্ৰলৈ ভোটদানৰ বাবে যোৱা দেখা গৈছে৷ আনহাতে অঞ্চলটোত কিমান শতাংশ ভোটগ্ৰহণ সম্পন্ন হৈছে এই সন্দৰ্ভত গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াগৰাকীৰ পৰা কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই৷