/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/g-k-s-19.jpg)
ডিজিটেল সংবাদ গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও আৰু বকো সমষ্টিৰ অন্তৰ্গত সংখ্যালঘু অধ্যুষিত অঞ্চল সামৰি গঠিত সাংবাদিকসকলৰ উমৈহতীয়া মঞ্চ গৰৈমাৰী-কালাতলী-সোণতলী চমুকৈ জি, কে, এছ প্ৰেছ ক্লাবৰ উদ্যোগত গৰৈমাৰী বজাৰত বুধবাৰে এখনি সজাগতা অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ উল্লেখ্য যে কোৰোনা মহামাৰীয়ে দেশজুৰি আহুকালৰ সৃষ্টি কৰিছে৷
কৰোনা মহামাৰী ৰোধৰ লগতে সঘনাই সংঘটিত দুৰ্ঘটনা ৰোধৰ উদ্দেশ্যে মটৰ চাইকেলৰ চালক-আৰোহীয়ে যাতে হেলমেট পৰিধান কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি গৰৈমাৰী চাৰিআলি চ'ক বজাৰত বুধবাৰে জি, কে, এছ প্ৰেছ ক্লাবে সজাগতা অভিযান চলায়৷ জানিব পৰামতে গৰৈমাৰী-কালাতলী-সোণতলী চমুকৈ জি, কে, এছ প্ৰেছ ক্লাবৰ উদ্যোগত গৰৈমাৰী বজাৰ প্ৰাংগণত অনুষ্ঠিত হোৱা সজাগতা অভিযান কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰূপ বিৰকমীয়াই৷
বিষয়াগৰাকীয়ে কোৰোনাৰ ভয়াৱহতা আৰু দুৰ্ঘটনাৰ পৰা নিজকে সুৰক্ষিত কৰাৰ বাবে মটৰ চাইকেল চালক-আৰোহীক হেলমেট পৰিধান কৰিবলৈ আহ্বান জনায়৷ সভাৰ জৰিয়তে মাস্ক বিতৰণ কৰি ৰাইজক কোৰোনাৰ ভয়াৱহতা সম্পৰ্কে বিতংকৈ আলোচনা কৰি চক্ৰ বিষয়াগৰাকীয়ে পথচাৰীৰ মাজত মাস্ক বিতৰণ কৰে৷
আনহাতে গৰৈমাৰী আৰক্ষী চকীৰ এ এছ আই মনোৱাৰ ৰহমান উপস্থিত থাকি সজাগতা অভিযানৰ লগত সংগতি ৰাখি গৰৈমাৰী অঞ্চলত হেলমেটহীন মটৰ চাইকেল চালকসকলক চকলেট প্ৰদান কৰি পৰৱৰ্তী সময়ত হেলমেট পৰিধান কৰিবলৈ আহ্বান জনায়৷ ইপিনে সজাগতা অভিযানত জি কে এছ প্ৰেছ ক্লাবৰ তৰফৰ পৰা পথচাৰীসকলৰ মাজত বিনামূলীয়াকৈ সহস্ৰাধিক মাস্ক বিতৰণ কৰে৷
সজাগতা অভিযান কাৰ্যসূচীত গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰূপ বিৰকমীয়া, চিকিৎসক ডাঃ কুৰবান আলী আহমেদ, জি, কে, এছ প্ৰেছ ক্লাবৰ মুখ্য উপদেষ্টাদ্বয় আব্দুৰ ৰহমান, আজাদ ওচমান গণি, কাৰ্যকৰী সভাপতি আব্দুৰ ৰহিম, উপ-সভাপতি আবুল কালাম আজাদ, ৰাণীস্থিত ছাইল্ড লাইন কৰ্মী অৱণী কলিতা প্ৰমুখ্যে প্ৰেছ ক্লাবৰ অধিকাংশ সদস্যৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷