/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/ORANG-29.jpg)
ডিজিটেল সংবাদ ওৰাংঃ সোমবাৰে প্ৰতিবাদত উত্তাল হ'ল ওৰাং আৰক্ষী থানা। তথাকথিত এজন পৰ্টেল সাংবাদিকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ওৰাং আঞ্চলিক সমিতিয়ে। উল্লেখ্য যে যোৱা ২৬ আগষ্টত এখন বিশেষ বাতৰি কাকতত প্ৰকাশিত এটা বিতৰ্কিত বাতৰি।
নেপালৰ পৰা অসমলৈ অহা গোৰ্খা মহিলাসকলে হে তীজ উৎসৱ পালন কৰে বুলি বাতৰি প্ৰকাশ পাইছিল বাতৰি কাকতখনত। বাতৰি পৰিবেশন কৰিছিল নিজকে জ্যেষ্ঠ সাংবাদিক বুলি জহাই ফুৰা তথাকথিত সাংবাদিক জনৈক ডেকা নামৰ এজন পৰ্টেল সাংবাদিকে।
নিজে পৰ্টেল খুলি উদ্দেশ্য প্ৰণোদিতভাৱে বিতৰ্ক সৃষ্টি কৰি অহা জনৈক ডেকা নামৰ এইগৰাকী সাংবাদিকক লৈ উত্তাল হয় ওৰাং। ১২ ঘন্টাৰ ভিতৰত বিতৰ্কিত এই পৰ্টেল সাংবাদিকগৰাকীক গেপ্তাৰ কৰাৰ দাবীত ওৰাং আঞ্চলিক সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই ওৰাং আৰক্ষী থানাত দাখিল কৰে এজাহাৰ।
ওৰাং আৰক্ষী থানা লৈ এক প্ৰতিবাদী সমদল উলিয়াই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই দাখিল কৰে এজাহাৰ। হাতে হাতে প্লে' কাৰ্ড লৈ আগছুৰ লগতে গোৰ্খা সম্প্ৰদায়ৰ মহিলাসকলে প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে। ওৰাং আৰক্ষী থানাৰ গেটৰ সন্মুখত তথাকথিত সাংবাদিক জনৈক ডেকাক গেপ্তাৰ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
গোৰ্খা সম্প্ৰদায়ক অপমান কৰা আৰু ইতিহাস বিকৃত কৰা তথাকথিত সাংবাদিক ডেকাক গোৰ্খা সম্প্ৰদায়ৰ অঞ্চলত নিষিদ্ধ ঘোষণাও কৰিছে আগছুৱে। তীজ উৎসৱটি নেপালী জনগোষ্ঠীৰ মহিলাসকলৰ বাবে অতি আদৰৰ উৎসৱ।
ভাদ মাহৰ শুক্লা দ্বিতীয়াৰ পৰা পঞ্চমীলৈকে এই তীজ পালন কৰা হয়। এই উৎসৱত মহিলাসকলে মহাদেৱৰ পূজা কৰি ব্ৰত পালন কৰে। সেই ব্ৰতৰ দিনা মহিলাই দিনটো এটুপিও পানী পৰ্যন্ত গ্ৰহণ নকৰি দিনটো উপবাসে থাকি সন্ধিয়া মহাদেৱক পূজা কৰি নিজৰ স্বামীৰ হাতেদি পানী গ্ৰহণ কৰে।
পবিত্ৰ তীজ উৎসৱক অপবাখ্যা আৰু অপমান কৰাৰ বাবে গোৰ্খা সম্প্ৰদায়ৰ মহিলাসকলেও প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us