৫ জনগোষ্ঠীক খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ…

৫ জনগোষ্ঠীক খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ…

author-image
asomiyapratidin
New Update
৫ জনগোষ্ঠীক খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ…

ডিজিটেল সংবাদ, হাটশিঙিমাৰী: অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট মঙলবাৰে ৫ জনগোষ্ঠীক অসমীয়া খিলঞ্জীয়া মুছলমান হিচাপে স্বীকৃতি প্ৰদান কৰা পাছতেই দক্ষিণ শালমাৰা মানকাচৰ জিলা গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰক অভিনন্দনৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে৷

Advertisment

উল্লেখযোগ্য যে অসম চৰকাৰৰ এই সিদ্ধান্তৰ ফলত দক্ষিণ শালমাৰা মানকাচৰ জিলাখনৰ দেশী জনগোষ্ঠীৰ লোক সকলে এতিয়াৰ পৰা আৰু "ডি" ভোটাৰৰ সমস্যা, বাংলাদেশী সমস্যা তথা NRC ৰ পৰা নাম বাদ পৰা সমস্যা বোৰ মুক্ত হ'ল বুলি সংগঠনটোয়ে আশ্বস্ত বোধ কৰিছে৷ লগতে বিশেষ জৰীপৰ দ্বাৰা এই খিলঞ্জীয়া জনগোষ্ঠী কেইটাক চিনাক্তকৰণ কৰিবলৈ চৰকাৰক দাবী জনায়৷

তদুপৰি দেশী উন্নয়ন পৰিষদ গঠন তথা অন্য দাবী সমূহও অনতিপলমে পূৰণ কৰাৰ বাবেও দাবী উত্থাপন কৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদে।

আৰু পঢ়ক: তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ সাক্ষাৎকাৰত অৱতীৰ্ন হ'ব লগা সকলৰ বাবে ভাল খবৰ…

assam hathsingimari