আইছক্ৰীমত ওলাল কুমজেলেকুৱা…

আইছক্ৰীমত ওলাল কুমজেলেকুৱা…

author-image
asomiyapratidin
New Update
আইছক্ৰীমত ওলাল কুমজেলেকুৱা…

ডিজিটেল ডেস্ক : বিষাক্ত আইছক্ৰীম খাই আন্ধেৰীঘাটত অসুস্থ শিশুসহ কেইবাজনো লোক। খাদ্য বস্তু উৎপাদনৰ ক্ষেত্রত উদ্যোগৰ গৰাকীয়ে বিভাগীয় নীতি-নিয়ম আৰু অনুজ্ঞাপত্ৰ লোৱাটো বাধ্যতামূলক ৷ কিন্তু একাংশ উদ্যোগপতিয়ে স্থানীয় প্রশাসনক হাতৰ মুঠিত ৰাখি খাদ্যৰ নামত উৎপাদন কৰি আহিছে বৰবিহ ৷ আন্ধেৰীঘাটত আইছক্ৰীমৰ মাজত কুমজেলেকুৱা ওলোৱা ঘটনাই এই কথাকে প্রমাণিত কৰিছে।

Advertisment

গোৰেশ্বৰৰ চন্দ্ৰ কাকতি নামৰ শিক্ষকজনে দীৰ্ঘদিন ধৰি অবৈধভাৱে চলাই থকা আইছক্রীম উদ্যোগৰ উৎপাদিত আইছ ক্রীম খাই আন্ধেৰীঘাটত অসুস্থ হ'ল কেইবাজনো লোক। গুৰুতৰভাৱে অসুস্থ এজন যুৱকক আন্ধেৰীঘাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় বাইহাটা চাৰিআলিলৈ। " পি কে আইছক্ৰীম " নামৰ গোৰেশ্বৰৰ বৰফ কোম্পানীটোৰ পৰা আইছক্ৰীম বিক্ৰী কৰিবলৈ অনা আইছক্ৰীম খোৱাৰ পিছতে বিষক্ৰিয়া আৰম্ভ হয়।

কোনো কোনোৱে বমি কৰিবলৈ লয়। এজন যুৱকে আইছক্রীমৰ মাজত প্রকাণ্ড মৃত কুমজেলেকুৱা এডাল প্রত্যক্ষ কৰে ৷ পিচত আইছক্ৰীম বিক্ৰেতাজনৰ সকলো আইছ ক্রীম নষ্ট কৰি পেলাই ৷ দিনে দিনে পাৰাস্তম্ভ উৰ্দ্ধ হোৱাত বৰফৰ চাহিদা বৃদ্ধি পাইছে ।

সুযোগৰ অপেক্ষাত থকা গোৰেশ্বৰৰ কোম্পানীটোত প্ৰস্তুত কৰা বৰ বিহ স্বৰূপ বিভিন্ন আকৃতিৰ আইছক্ৰীমে বিপদ মাতিছে জনস্বাস্থ্যৰ প্রতি ৷ শিক্ষকতা বৃত্তিক পিঠি দি বৰফৰ উদ্যোগত ব্যস্ত থকা এই গৰাকী শিক্ষকৰ বিৰুদ্ধে প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষনীয় হ'ব।

আৰু পঢ়ক : ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ একেৰাহে উৰুৱাই ৰাখিব পাৰিব ৰাষ্ট্ৰীয় পতাকা….

assam Assam police himanta biswa sarma goreshwar