/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/2b3ebe4d-59fa-4aa2-8b64-8bebb197cd31/google.jpg)
ডিজিটেল ডেস্ক : প্ৰসিদ্ধ সংগীত শিল্পী ড০ ভূপেন হাজৰিকা দেৱৰ খ্যাতি যে কেৱল ভাৰততেই আৱদ্ধ নহয়, বৰং সাত সাগৰ তেৰ নদীৰ সিপাৰেও যে শিল্পী গৰাকীৰ গুণমুগ্ধ আছে সেইয়া প্ৰমাণ কৰিলে বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চাৰ্চ ইঞ্জিন গুগলে। গুগলৰ এটি দলে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকৰ চাৰ্চ ৰিজাল্টৰ ওপৰত ভিত্তি কৰি সৃষ্টি কৰি আহিছে গুগল ডুডলৰ। অৱশ্যে ইয়াৰ ব্যতিক্ৰম হয় বিশেষ অনুষ্ঠান অথবা উৎসৱ উপলক্ষে।
১৯৫০ চনতেই বিশ্ব বিখ্যাত কন্ঠ শিল্পী প'ল ৰবছনৰ 'অল মেন ৰিভাৰ' শীৰ্ষক গানটিৰ অনুপ্ৰেৰণাত ড০ ভূপেন হাজৰিকাই সৃষ্টি কৰিছিল চিৰ যুগমীয়া গান 'বিস্তীৰ্ণ পাৰৰে'। সেই তেতিয়াই ভাষাৰ গণ্ডীৰ পৰা মুকলি হৈ সমগ্ৰ বিশ্বত জনপ্ৰিয় হোৱা ড০ ভূপেন হাজৰিকা দেৱক গুগলে জনোৱা এই সন্মান নিশ্চয়কৈ অসম বাসীৰ বাবে আজিৰ দিনটোৰ এটি সুখবৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us