হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে সুখবৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে সুখবৰ

author-image
asomiyapratidin
New Update
হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে সুখবৰ

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, বৰঙাবাৰীঃ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ গহপুৰ মহকুমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আছে এটা ভাল খবৰ। বৰঙাবাৰীস্থিত কৰুণা ট্ৰাষ্টে বিনামূলীয়াকৈ পাঠদান দিব এই সকল ছাত্ৰ-ছাত্ৰীক। ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব এই পাঠদানৰ কাৰ্যসূচী।

ইংৰাজী, গণিত আৰু বিজ্ঞান বিষয়ত অভিজ্ঞ শিক্ষকে দিব পাঠদান। কৰুণা ট্ৰাষ্টৰ কৰ্মকৰ্তা সকলে জানিবলৈ দিয়া মতে, গহপুৰ মহকুমাৰ মেট্ৰিকত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়াকৈ এই পাঠ্যক্ৰমত অংশ ল'ব পাৰিব।

ইচ্ছুক ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকে ইয়াৰ বাবে ৭০০৫০৮০৮৯২ আৰু ৯৮৬৪৩৭৬৯৯ নম্বৰত যোগাযোগ কৰিব পাৰিব।