অসম
ৰাজ্যিক কৰ্মচাৰীয়ে ৬ এপ্ৰিলৰ পৰাই পাব ৰঙালী বিহুৰ বিশেষ বানচ
আজি সলনি কৰি ১০ এপ্ৰিলৰ পৰিৱৰ্তে ৬ এপ্ৰিলতে কাৰ্যকৰী কৰাৰ কথা উল্লেখ কৰে
ডিজিটেল ডেস্কঃ পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু। বিহুকলৈ ব্যস্ততাৰ অন্ত নাই অসমবাসীৰ। এনে উছাহৰ মাজতে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ।
কৰ্মচাৰীসকলে ৰঙালী বিহুৰ বাবে লাভ কৰিব দৰমহাৰ লগতে ৪ শতাংশ মাৰগীয় বানচ। বুধবাৰে ৰাজ্য চৰকাৰৰ বিত্তীয় বিভাগে এক নিৰ্দেশনাযোগে এই কথা উল্লেখ কৰে।
নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি ৰাজ্যিক কৰ্মচাৰীসকলে মাৰ্চ মাহৰ দৰমহাসহ বানচ ৬ এপ্রিলত লাভ কৰিব। ইতিমধ্যে সংশ্লিষ্ট বিভাগে কোষাগাৰসমূহক কৰ্মচাৰীৰ দৰমহা মুকলি কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে।
উল্লেখ্য যে বিভাগটোৱে পূৰ্বে এক নিৰ্দেশনাত ১০ এপ্ৰিলত বানচ দিয়াৰ কথা উল্লেখ কৰিছিল যদিও আজি সলনি কৰি ১০ এপ্ৰিলৰ পৰিৱৰ্তে ৬ এপ্ৰিলতে কাৰ্যকৰী কৰাৰ কথা উল্লেখ কৰে।