/asomiyapratidin/media/media_files/2025/04/04/YWIGveBS2GkxUim6Cz0k.jpg)
ডিজিটেল সংবাদ, হোজাই: হোজাই জিলাৰ লংকাৰ শ্ৰী শ্ৰী শংকৰদেৱ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠান অনুষ্ঠিত হয়। লংকাৰ নিকটৱৰ্তী ২নং পিপল পুখুৰীৰ এক মাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠানখনত তিনিদিনিয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় এই সোণালী জয়ন্তী অনুষ্ঠান। ৪,৫ আৰু ৬ এপ্ৰিলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ শুকুৰবাৰে প্ৰথম দিনৰ কাৰ্য্যসূচী অনুসৰি পুৱা বিদ্যালয়ৰ সোনালী জয়ন্তীৰ তোৰণ উন্মোচন, বিদ্যালয়ৰ পতাকা উত্তোলন,বৃক্ষ ৰূপন, নাম কীৰ্তন আদি কৰি কেইবাটাও কাৰ্য্যসূচী অনুষ্ঠিত হয়।
লগতে নিশালৈ বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা 'মৎস্য অৱতাৰ' নাট প্ৰদৰ্শন কৰা হ'ব। দ্বিতীয় দিনা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সোণালী জয়ন্তী বৰ্ষৰ ৫০ খন পতাকা উত্তোলনকে ধৰি নিশালৈ 'লাইভ টেলিকাষ্ট' নামৰ এখনি নাট অনুষ্ঠিত হ'ব। আনহাতে তৃতীয় দিনাও অনুষ্ঠিত হ'ব আকৰ্ষণীয় কাৰ্য্যসূচী। পুৱা অনুষ্ঠিত হ'ব বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা।
এই সাংস্কৃতিক শোভাযাত্রাত ২১ টা জনগোষ্ঠীয় লোকৰ লগতে উপস্থিত থাকিব অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্রিয় অভিনেত্রী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা। পৰৱৰ্তী সময়ত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকিব জিলা অভিভাৱক মন্ত্রী কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক শিবু মিশ্ৰ, জিলা আয়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকসহ সাহিত্যিক নন্দ সিং বৰকলাকে ধৰি বিশিষ্ট ব্যক্তিসকল। লগতে তৃতীয় দিনা নিশালৈ অনুষ্ঠিত হ'ব কণ্ঠশিল্পী তৃষ্ণা দেৱীৰ সাংস্কৃতিক অনুষ্ঠান।