/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5e0b8612-626f-4eca-ac51-23732ed51eb5/bang.jpg)
gold seized
ডিজিটেল সংবাদ শিলচৰ: বাংলাদেশৰ পৰা অসমলৈ চোৰাংভাবে সৰবৰাহ কৰা হৈছে বাংলাদেশী সোণ ৷ তুলনামুলক ভাবে বাংলাদেশতকৈ ভাৰতৰ বজাৰত সোণৰ মুল্য বহুগুণ বেছি৷ সেয়ে অধিক মূল্য লাভ কৰাৰ উদ্দেশ্যে চোৰাং পথেৰে হুৰাহুৰে ভাৰতলৈ সৰবৰাহ কৰা হৈছে বাংলাদেশী সোণৰ বিস্কুট ৷ মঙলবাৰে মেঘালয়ৰ ডাউকি বাংলাদেশ সীমান্তত তিনিখন সোণৰ বিস্কুট আৰু এজন বাংলাদেশী আটক কৰাৰ পিচত এই তথ্য পোহৰলৈ আহিছে৷
গোপন তথ্যৰ ভিত্তিত অভিযান চলাই বিএছএফে মঙলবাৰে বাংলাদেশ ডাউকী সীমান্তত জব্দ কৰে তিনিখন সোণৰ বিস্কুট ৷ ডাউকীৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় তালাচী চকী সংলগ্ন পশ্চিম জয়ন্তীয়া পাহাৰ এলেকাৰে অবৈধ সৰবৰাহ কৰাৰ সময়ত জব্দ কৰা সোণৰ বিস্কুট তিনি খন ৷ লগতে সোণৰ বিস্কুট সহ অবৈধ ভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত আটক হয় এজন বাংলাদেশী ৷
ধৃত বাংলাদেশী জন ছিলেট জিলাৰ মঃ হাছান আলী (৬২) বুলি সদৰী কৰিছে বিএছএফে৷ জব্দ কৰা সোণৰ বিস্কুট খিনিৰ ওজন ৩৪৮ গ্রাম আৰু আন্তঃ ৰাষ্ট্ৰীয় বজাৰ মূল্য প্রায়১৭ লাখ ৫৭ হাজাৰ ৭৪৮ টকা বুলি সদৰী কৰে বিএছএফৰ মেঘালয় ফ্রন্টিয়াৰৰ জনসংযোগ বিষয়া ৰাজ সিং কাটাৰিয়া ৷ বিষয় জনে সদৰী কৰা মতে, সোণৰ বিস্কুট খিনি ছিলেট জিলাৰ মহাজনপট্টিত ক্ৰয় কৰি গুয়াহাটিত বিক্রী কৰিবলৈ আনিছিল ধৃত মঃ হাছান আলীয়ে৷
পিচত জব্দ কৰা সোণৰ বিস্কুট খিনি ডাউকীৰ শুল্ক বিভাগক গতাই দিয়াৰ বিপৰীতে হাছান আলীক ডাউকী থানাত হস্তান্তৰকৰে বিএছএফে৷