ভাৰত-ভূটান সীমান্তত সোণৰ বিস্কুটসহ এজনক আটক

ভাৰত-ভূটান সীমান্তত সোণৰ বিস্কুটসহ এজনক আটক

author-image
Asomiya Pratidin
New Update
 ভাৰত-ভূটান সীমান্তত সোণৰ বিস্কুটসহ এজনক আটক

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ জিলাৰ ভাৰত- ভূটান সীমান্তৰ শশীপুৰত সোণৰ বিস্কুটসহ এজন লোকক আটক। ভুটানৰ পৰা সোনখিনি লৈ আনোতে আটক হয় লোকজন।

Advertisment

৬৪ নং বেটেলিয়ন এছ এছ (ডি) কোম্পানী দৰংগা স্পেচিয়েল অপাৰেচন পাৰ্টি আৰু বি আই টি আউট পোষ্টৰ যৌথ অভিযানত পৰিদৰ্শক এন কেচো সিং (N . KESHO SING ) ৰ নেতৃত্বত চলা অভিযানত সোণৰ বিস্কুটখিনি জব্দ কৰা হয়।ভাৰত - ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ শশীপুৰ এছ এছ বি নিৰীক্ষণ কেন্দ্ৰত চলিছিল এই অভিযান ৷

জব্দকৃত সোণৰ পৰিমান ৫০০ গ্ৰাম। মুঠ ২৫ পেকেটত আনিছিল সোণখিনি। জব্দকৃত সোণখিনিৰ বজাৰ মূল্য প্ৰায় ৩৫ লাখ টকা হ'ব বুলি ধাৰণা কৰা হৈছে।

আটকাধীন লোক জনৰ ঘৰ বাংগালুৰুৰ আব্দুল ৰহমান মুক্তাৰ ৷ ভুটানত সংগ্ৰহ কৰি দেশ খনৰ পৰা অসমৰ বুকুৱেদি অবৈধ ভাৱে এনেদৰে দিল্লীলৈ নিয়াৰ বাবে পৰিকল্পনা কৰিছিল সোণখিনি। ইয়াৰ কিছুদিন পূৰ্বেও এছ এছ বিয়ে জব্দ কৰিছিল সোণৰ বিস্কুট ।

Also Read: দলিত সম্প্ৰদায়ৰ মহিলাক ধৰ্ষণ কৰি হত্যা! টুকুৰা-টুকুৰ কৰিলে মৃতদেহ, অভিযুক্ত পলাতক