দিপাৱলীৰ আনন্দৰ মাজতেই পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে সৌভিক সাহাই...

সমগ্ৰ দেশৰ লগতে ৰাজ্য়তো অতি উলহ-মালহেৰে পালন কৰা হৈছে পোহৰৰ উৎসৱ দিপাৱলী
accident
accident

ডিজিটেল ডেস্ক: সমগ্ৰ দেশৰ লগতে ৰাজ্য়তো অতি উলহ-মালহেৰে পালন কৰা হৈছে পোহৰৰ উৎসৱ দিপাৱলী। ৰাজ্যত চলি থকা বৃষ্টিপাতে দিপাৱলীৰ জাক জমকতা কিছু ম্লান কৰিলেও সকলোৱে পালন কৰিছে দিপাৱলী।

কিন্তু দিপাৱলীৰ আনন্দৰ মাজতেই গোলকগঞ্জত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। মঙলবাৰে গোলকগঞ্জৰ কালডোবাত এই দুৰ্ঘটনা সংঘটিত হয়।

বিদ্যুতৰ খুঁটাত খুন্দা দুই বাইক আৰোহীৰ। যাৰ ফলত থিতাতে নিহত এজন বাইক আৰোহী। লগতে আনজনক সংকটজনক অৱস্থাত ধুবুৰী চিকিৎসালয়লৈ প্রেৰণ কৰা হয়।

নিহত যুৱকজনৰ নাম সৌভিক সাহা বুলি জানিব পৰা গৈছে । আনহাতে গুৰুতৰভাৱে আহত যুৱকজনৰ নাম অভয় সাহা। বৰ্তমান তেওঁৰ চিকিৎসা চলি আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in