ঠিকনা হেৰুৱা দুষ্প্ৰাপ্য ধনেশ পক্ষীক উদ্ধাৰ যুৱকৰ...

চ’ত, বহাগত বৰদৈচিলা মাকৰ ঘৰলৈ যাই বুলি এক প্ৰবাদ অসমীয়া সমাজত অতীজৰে পৰা প্ৰচলিত । এনে সময়ত অহা বতাহ, ধুমুহাই বিভিন্ন সময়ত মানুহৰ বাসস্থানৰ উপৰিও পশু, পক্ষী সকলোৰে বাসস্থান ভাঙি থৈ যায় । নাইবা নষ্ট কৰি পেলায় আশ্ৰয়স্থল । যাৰ ফলত ঠিকনাবিহীন হৈ পৰে পশু-পক্ষী ।

author-image
Asomiya Pratidin
New Update
ঠিকনা হেৰুৱা দুষ্প্ৰাপ্য ধনেশ পক্ষীক উদ্ধাৰ যুৱকৰ...

ধনেশ পক্ষী উদ্ধাৰ

ডিজিটেল সংবাদ, গোলাঘাটঃ চ’ত, বহাগত বৰদৈচিলা মাকৰ ঘৰলৈ যাই বুলি এক প্ৰবাদ অসমীয়া সমাজত অতীজৰে পৰা প্ৰচলিত । এনে সময়ত অহা বতাহ, ধুমুহাই বিভিন্ন সময়ত মানুহৰ বাসস্থানৰ উপৰিও পশু, পক্ষী সকলোৰে বাসস্থান ভাঙি থৈ যায় । নাইবা নষ্ট কৰি পেলায় আশ্ৰয়স্থল । যাৰ ফলত ঠিকনাবিহীন হৈ পৰে পশু-পক্ষী ।

Advertisment

এইদৰে শেহতীয়াকৈ বতাহত ঠিকনা হেৰুৱাই জনাঞ্চললৈ অহা দুষ্প্ৰাপ্য ধনেশ পক্ষী উদ্ধাৰ কৰে এজন যুৱকে । প্ৰৱল ধুমুহাৰ ফলত ধনেশ পক্ষীটি আহি পৰেহি ব্ৰহ্মপুত্ৰ অঞ্চলৰ শ'লমাৰিত।

মনোজ হাজৰিকা নামৰ যুৱকজনে প্ৰত্যক্ষ কৰি ব্যৱস্থা কৰে চিকিৎসাৰ । যথেষ্ট দুৰ্বল হৈ ধনেশ পক্ষীটোক খাদ্য যোগান ধৰাৰ লগতে চিকিৎসাৰ ব্যৱস্থা কৰি চমজাই দিয়ে বনবিভাগৰ হাতত । দুষ্প্ৰাপ্য পক্ষীটোক উদ্ধাৰ কৰিবলৈ পাই আনন্দিত যুৱকজন । যুৱকজনৰ এই প্ৰকৃতিপ্ৰেমক সকলোৱে একেমুখে শলাগ লৈছে ।

Also Read: বিজেপিয়ে নহয়, চিবিআইক ব্যৱহাৰ কৰিছিল ইউপিএ চৰকাৰে-অমৃত শ্বাহ...