বনকৰ্মীৰ সহায়ক হোৱাকৈ কাজিৰঙালৈ WWF ৰ এম্বুলেঞ্চ প্ৰদান...

বনকৰ্মীৰ সহায়ক হোৱাকৈ কাজিৰঙালৈ WWF ৰ এম্বুলেঞ্চ প্ৰদান...
বনকৰ্মীৰ সহায়ক হোৱাকৈ কাজিৰঙালৈ WWF ৰ এম্বুলেঞ্চ প্ৰদান...

ডিজিটেল সংবাদ কাজিৰঙাঃ কৰ্তব্যৰত অৱস্থাত বিভিন্ন সময়ত বন্যপ্ৰাণীৰ আক্ৰমনত আহত হ’বলগীয়া হয় বনকৰ্মী ৷ এনে ক্ষেত্ৰত জৰুৰী চিকিৎসাৰ প্ৰয়োজনীয়তা থাকে যদিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এম্বুলেঞ্চৰ অভাৱত আহত বনকৰ্মীৰ অৱস্থা সংকটজনক হৈ পৰে ৷

ইয়াৰ পৰা সকাহ দিয়াৰ বাবে স্বেচ্ছাসেৱী সংস্থা ডব্লিউ ডব্লিউ এফে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক অৰ্পন কৰে এখন এম্বুলেঞ্চ। ৷ বুধবাৰে আনুষ্ঠানিক ভাৱে এম্বুলেঞ্চখন ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক অৰ্পন কৰে ডব্লিউ ডব্লিউ এফৰ কৰ্মকৰ্তাই ৷

এম্বুলেন্সখন প্ৰয়োজন সাপেক্ষে স্থানীৰ লোকৰ চিকিৎসা সেৱাৰ বাবেও উপলব্ধ হ’ব বুলি প্ৰকাশ কৰে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ উল্লেখযোগ্য যে, যোৱা তিনিটা বছৰত অসমৰ বিভিন্ন স্থানত আহত ২৫ গৰাকী বনকৰ্মীক চিকিৎসা সাহায্য আগবঢ়াইছে ডব্লিউ ডব্লিউ এফে ৷ ইয়াৰে ভিতৰত ১৩ গৰাকী কাজিৰঙাৰ বনকৰ্মী ৷

বনকৰ্মীৰ সহায়ক হোৱাকৈ কাজিৰঙালৈ WWF ৰ এম্বুলেঞ্চ প্ৰদান...
অপেক্ষাৰ অন্ত! কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব চিদ্দাৰামায়াই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in