/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/def876ec-781d-4746-b78d-8f2d6f94fe0b/11.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ এজাক কণমানি হাতে হাতে গছপুলি লৈ আহিছে মুকলি আকাশৰ তললৈ৷ 'গছ থাকিলেহে মানুহ থাকিব৷ সেয়ে গছ নাকাটিব৷'-- এই আহ্বানেৰে কণমানিজাকে উলিয়াইছে সমদল৷ বুধবাৰে বিশ্ব পাৰিপাৰ্শ্বিক দিৱস উপলক্ষে কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলে কণমানিজাকৰ জৰিয়তে লৈছে এই আদৰণীয় পদক্ষেপ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/07c3a27f-965b-4b59-aa28-79a6e3970a24/77f13b83-3191-41a3-b8fc-57c8d1c947db.jpg)
বিদ্যালয়খনৰ প্ৰধান শিক্ষক ভূৱন খতিয়ৰা, পৰিচালনা সমিতিৰ সভাপতি ডায়েৰী প্ৰসাদ উপাধ্যায়, অৱসৰপ্ৰাপ্ত অধ্যক্ষ মঞ্জু পূজাৰী, সমূহ শিক্ষক-শিক্ষয়ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত কৰা হয় পৰিৱেশ দিৱসৰ দিনজোৰা কাৰ্যসূচী৷ পুৱা প্ৰাতঃসভাত পৰিৱেশ দিৱসৰ তাৎপৰ্য ব্যাখ্যাৰ পাছতে বিদ্যালয়খনৰ চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে Keep Kaziranga, Clean and Green শিৰোনামৰ সমদল উলিয়ায়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/5ba9ec87-73b5-41cf-a724-888b58de75b4/6126044c-83b4-40e7-919b-a604d5abbc77.jpg)
বিদ্যালয়ৰ পৰা কাজিৰঙা বনবিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহলৈকে গৈ পুনৰ বিদ্যালয়লৈ উভতি অহা সমদলটোৱে ৰাজপথত গছ সুৰক্ষা তথা পৰিৱেশ সুৰক্ষাৰ শ্ল’গান দিয়ে৷ কণমানি শিক্ষাৰ্থীসকলে তথাকথিত উন্নয়নৰ নামত গছ-বন নাকাটিবৰ বাবেও আহ্বান জনায়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/9be4e1d8-f8a3-4461-ac87-f906ca18068c/9243b5a3-b6dd-4286-b739-d326d23e0359.jpg)
বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ মঞ্চ আৰু অভিভাৱক-সচেতন ৰাইজে সহযোগিতা আগবঢ়োৱা পৰিৱেশ দিৱসৰ কাৰ্যসূচীত বিদ্যালয় চৌহদত কেইবাজোপা গছপুলি ৰোপণ কৰা হয়৷ ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীৰ মাজত অৱসৰপ্ৰাপ্ত বনবিষয়া তথা চিত্ৰশিল্পী চিন্ময় ধৰ আৰু অসম পৰ্যটনৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পৰাণ চন্দ্ৰ ঘোষৰ নেতৃত্বত চিত্ৰাংকন প্ৰতিযোগিতা আৰু দ্য কৰবেট ফাউণ্ডেচনৰ কৰ্মকৰ্তা দিব্যজ্যোতি শইকীয়াৰ দ্বাৰা কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3d6f6732-96ce-4a0e-99e0-3975cdf96748/b9cc15d7-743d-43af-95bd-99f88810bf1e.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/14fd2aa6-0fb9-4b55-98bd-5c2cd1eb9cbf/7ab4fcd2-80d5-46d5-a686-9fbb3584b4ba.jpg)
ইপিনে, ছাত্ৰ-ছাত্ৰীৰ মাজত সচেতনতা অনাৰ প্ৰয়াসেৰে এখনি সভা অনুষ্ঠিত কৰা হয়৷ বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ মঞ্চৰ হৈ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই অনুষ্ঠানটোক আঁত ধৰে। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া উৎপল দলে, আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপক পৰিৱেশ কৰ্মী মনোজ গগৈ, বিদ্যালয়খনৰ শিক্ষয়িত্ৰী অৰ্চনা ভট্টাচাৰ্যই বক্তব্য আগবঢ়ায়৷ সাংবাদিক তৰালি শইকীয়া, কাজিৰঙা অধ্যয়ন চক্ৰৰ সঞ্চিতা দে’, ভাৰতী দৰ্জীৰ লগতে বিভিন্নগৰাকী অতিথি উপস্থিত থকা সভাত টাই আহোম ছাত্ৰ সন্থাৰ কাজিৰঙা আঞ্চলিকৰ হোমেন গগৈকে ধৰি বিভিন্ন বিষয়-ববীয়া উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক পৰিৱেশ সজাগতা সম্বন্ধীয় বক্তব্য আগবঢ়ায়৷ সভাতে ছাত্ৰ-ছাত্ৰীক অনুষ্ঠিত প্ৰতিযোগিতাৰ বঁটাসমূহ বিতৰণ কৰা হয়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/59df3943-1f98-4626-8dae-67499187e970/1ce83ae0-bce1-476b-a5ba-966d49633739.jpg)