গোলাঘাটৰ থুৰামুখৰ দহনীৰ জনাঞ্চলত খাদ্যৰ সন্ধানত বন্যহস্তীৰ মুকলি বিচৰণ...

গোলাঘাটৰ থুৰামুখৰ দহনীৰ জনাঞ্চলত খাদ্যৰ সন্ধানত বন্যহস্তীৰ মুকলি বিচৰণ...
গোলাঘাটৰ থুৰামুখৰ দহনীৰ জনাঞ্চলত খাদ্যৰ সন্ধানত বন্যহস্তীৰ মুকলি বিচৰণ...
Published on
Updated on

ডিজিটেল ডেস্কঃ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ হাতীৰ জাক ওলাই অহাতো অন্য প্ৰান্তৰ লগতে গুলাঘাটত যেন এতিয়া তেনেই সাধাৰণ কথা হৈ পৰিছে। আজিও গোলাঘাটৰ থুৰামুখৰ দহনীত দেখা গৈছে এটা হাতীৰ জাক।

এই হাতীৰ জাক খাদ্যৰ সন্ধানত দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ওলাই আহি জনাঞ্চলত অৱস্থান কৰিছে। ফলত স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ আতংক।

ইফালে হাতীৰ জাকে আহি জনাঞ্চলত অৱস্থান কৰাৰ সময়তে চাহ বাগিছাত পাত চিঙা কাৰ্যত ব্যস্ত আছিল শ্ৰমিকসকল। কিন্তু বন্যহস্তীৰ উপস্থিতি নিশ্চিত হোৱাত এই শ্ৰমিকসকলো সেই স্থানৰ পৰা আঁতৰিবলগীয়া হয়।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি হাতীৰ জাকক জনাঞ্চলৰ পৰা বনাঞ্চললৈ খেদি পঠিওৱাৰ ক্ষেত্ৰত বন বিভাগে চৰম দায়িত্বহীনতা প্ৰদৰ্শন কৰি আহিছে। বাৰে বাৰে অঞ্চলটোত বন্যহস্তী এইদৰেই ওলাই আহি কৃষকৰ খেতি পথাৰত ব্যাপক ক্ষতি কৰি আহিছে।

সময়মতে বন বিভাগৰ লোকে আহি হাতীৰ জাকক পুনৰ বনাঞ্চললৈ খেদি পঠিয়াব লাগে যদিও বন বিভাগৰ দায়িত্বহনীতাত স্থানীয় একাংশ লোকেই হাতী খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

গোলাঘাটৰ থুৰামুখৰ দহনীৰ জনাঞ্চলত খাদ্যৰ সন্ধানত বন্যহস্তীৰ মুকলি বিচৰণ...
নিশা শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃ ৪ জন গুৰুতৰভাৱে আহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in