Advertisment

উত্তৰ-পূৰ্বাঞ্চলত বন্যহস্তী পিয়লত পলমঃ ২০২৫ তহে চূড়ান্ত হ'ব গণনা

ভাৰতে শেহতীয়া হাতী পিয়লৰ ফলাফলৰ বাবে অহা বছৰৰ জুন মাহলৈকে অপেক্ষা কৰিব লাগিব। এইক্ষেত্ৰত এতিয়া কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰ্যালয়ৰ হেমাহি নে অন্য কাৰণ সেই সম্পৰ্কত জনা নাযায়।

author-image
Asomiya Pratidin
New Update
উত্তৰ-পূৰ্বাঞ্চলত বন্যহস্তী লোকপিয়লত পলম

ডিজিটেল সংবাদ গোলাঘাটঃ  ভাৰতে শেহতীয়া হাতী পিয়লৰ ফলাফলৰ বাবে অহা বছৰৰ জুন মাহলৈকে অপেক্ষা কৰিব লাগিব। এইক্ষেত্ৰত এতিয়া কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰ্যালয়ৰ হেমাহি নে অন্য কাৰণ সেই সম্পৰ্কত জনা নাযায়।

Advertisment

ক্ৰমাৎ হ্ৰাস পাবলৈ লোৱা ছিদল-১ৰ বন্যপ্ৰাণী বন্যহস্তীৰ গণনাক লৈ কেন্দ্ৰীয় চৰকাৰৰ অনুকূল বতৰ চলি থকাৰ পাছতো কিয় গণনা কৰিব পৰা নাই সেয়া ৰহস্যজনক। ভাৰতৰ চাৰিটা অঞ্চলৰ বনাঞ্চল, পাহাৰীয়া অঞ্চলত বনৰীয়া হাতী পোৱা যায়।

উত্তৰত হিমালয়ৰ পাদদেশ, উত্তৰ-পূব ৰাজ্যসমূহত, পূব-মধ্য ভাৰত, আৰু দেশৰ দক্ষিণ অংশত পশ্চিম আৰু পূব ঘাট পৰ্বতত। বিশ্বৰ ৬০ শতাংশতকৈয়ো অধিক বন্য এছিয়ান হাতী ভাৰতত বাস কৰে।

২০২২ চনৰ পৰা পাঁচ বছৰীয়া হাতীৰ পিয়ল চলি আছে। ২০১৭ চনত কৰা পিয়ল অনুসৰি ভাৰতত ১ লাখ ১০ হাজাৰ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত ২৯,৯৬৪ টা হাতী আছে। ইয়াৰে ৬৫,০০০ বৰ্গ কিলোমিটাৰ দেশৰ ৩৩ টা হাতী সংৰক্ষিত বনাঞ্চল। 

ভাৰতৰ উত্তৰ-পূব অঞ্চলত ১০,১৩৯টা হাতী থকাৰ বিপৰীতে পূব-মধ্য অঞ্চলত ৩,১২৮টা, উত্তৰ-পশ্চিমত ২০৮৫টা, আৰু দক্ষিণ অঞ্চলত ১১,৯৬০টা হাতী আছে। ৬,০৪৯টা হাতীৰে আগবাঢ়ি আছে কৰ্ণাটক।

এইক্ষেত্ৰত অসমত গণনাত হাতী সংখ্যা কমিব যেন অনুমান কৰিছে একাংশই। কিয়নো অসমত বনাঞ্চল সংকুচিত হোৱাৰ লগতে বন্যহস্তী যিধৰণে মৃত্যু হৈছে সেই দিশলে চালে পূৰ্বৰ তুলনা হাতীৰ সংখ্যা হ্ৰাস পাব ৰাজ্যত।

এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্ৱাঞ্চলত বাৰিষা বৰষুণ, বানপানী আৰু বনকৰ্মীসকলৰ সীমিত ক্ষমতাৰ দোহাই দি হাতী গণনাত পলম হোৱা বুলি ক'ব বিচাৰিছে। এইক্ষেত্ৰত মেঘালয়ৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন এছ এম সাহাইয়ে পিটিআইক জনোৱা মতে, নতুন পদ্ধতি ব্যৱহাৰ কৰি বন্যহস্তী জনসংখ্যাৰ অনুমান কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব।

অন্যহাতে অসমৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন সন্দীপ কুমাৰে কয় যে, কষ্টকৰ ভূ-খণ্ড, বাৰিষাৰ বৰষুণ, বানপানীৰ উপৰিও এই অনুশীলনত অধিক সময় লাগিছে। কাৰণ বিভাগটোত বনাঞ্চলৰ লগতে হাতী সঘনাই অহা-যোৱা কৰা ৰাজহ অঞ্চলসমূহো অন্তৰ্ভুক্ত কৰা হৈছিল।

বৰ্তমান খৰালী কাল অহাৰ লগে লগে হাতী গণনাৰ বাবে অনুকূল পৰিৱেশ যদিও কি পৰিস্থিতিৰ বাবে বন বিভাগে গণনাত হেমাহি কৰিছে সেয়া জনা নাযায়। ২০২১ চনত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে হাতীৰ লাডৰ পৰা ডি এন এৰ নমুনা সংগ্ৰহ আৰু বিশ্লেষণৰ বাবে এক নতুন পদ্ধতি ঘোষণা কৰিছিল। 

বিষয়াসকলৰ মতে, পূৰ্বৰ হাতী পিয়লত মূলতঃ সমগ্ৰ দেশতে জীৱ-জন্তুৰ মূৰৰ গণনা জড়িত আছিল। নতুন বৈজ্ঞানিক পদ্ধতিয়ে প্ৰজাতিসমূহৰ বিষয়ে আৰু ইহঁতে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে বুজাবুজি বৃদ্ধি কৰিব। 

উদাহৰণস্বৰূপে, হাতীৰ ডি এন এ প্ৰফাইলিঙে তেওঁলোকৰ শৰীৰৰ অংগসমূহৰ অবৈধ চোৰাংচোৱাগিৰি ৰোধ কৰাত সহায় কৰিব, যাৰ ফলত গণনাৰ প্ৰচেষ্টা শক্তিশালী হ’ব।

বনৰীয়া হাতী বন্যহস্তী