/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/33ff074e-cb92-4f64-ac46-0e2d6a3c4d2c/numaligarh_22.jpg)
নুমলীগড়ত বন্যহস্তীৰ জাকে চলাইছে সন্ত্ৰাস...
ডিজিটেল সংবাদ নুমলীগড়: নুমলীগড়ত এজাক বন্যহস্তীয়ে চলাইছে ত্ৰাস। পথাৰৰ ধান শেষ হোৱাৰ লগে লগে এতিয়া মানুহৰ ঘৰ-বাৰীত খাদ্যৰ সন্ধানত বিচৰণ কৰিছে হাতীয়ে।
নুমলীগড়ৰ কাষৰীয়া মৰঙী চুমনি অঞ্চলৰত দেখা গৈছে এই হাতীৰ জাকটো । পোৱালীসহ হাতীৰ এটা বৃহৎ জাকে সমগ্ৰ অঞ্চলটোত দিনে নিশাই খাদ্যৰ সন্ধানত উপদ্ৰৱ চলাইছে।
মানুহৰ ঘৰ-বাৰীত কৰিছে বিচৰণ। যাৰ বাবে আতংকিত হৈ পৰিছে গাঁওবাসী। ইফালে দিনৰ ভাগতে হাতীৰ জাকটোৱে বগীধলা চাহ বাগিচাত আশ্ৰয় লৈ সন্ধিয়া হোৱাৰ লগে লগে বগীঢলা, চুমণি, গীদিবস্তী ,বকিয়াল, সুন্দৰপুুৰ আদি অঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱৰ সৃষ্টি কৰে ।
Also Read: ৰাজপথতে জ্বলি উঠিল চলন্ত বাহন