/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/d0986ab2-2e2c-4f9d-b91b-eb2313ce0138/12.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ অসম চৰকাৰৰ জনসংযোগ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই দেওবাৰে গোলাঘাট বিধানসভা সমষ্টিত মন্ত্ৰী অজন্তা নেওগৰ সৈতে জলসম্পদ বিভাগৰ কেইবাটাও প্ৰকল্প পৰিদৰ্শন কৰাৰ লগতে লোকনিৰ্মাণ বিভাগৰ দুটা পথৰ আনুষ্ঠানিকভাৱে মুকলি কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e9c53e5d-6915-4dbe-a7ab-dbb22e2a8e01/18695ad0-c859-45c1-9531-1d654e9e4593.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/fd94b3de-4874-4ac0-b3f8-bdc532209071/3ba37f91-74ea-486e-9bf8-4ce3ecd3a41a.jpg)
মন্ত্ৰীগৰাকীয়ে প্ৰথমতে জিলাখনৰ হাঁহচৰা এলেকাত ধনশিৰি নৈৰ পাৰত সম্পূৰ্ণ হোৱা খহনীয়া প্ৰতিৰোধৰ কাম পৰিদৰ্শন কৰে। জলসম্পদ বিভাগৰ অধীনত এই স্থানত ধনশিৰি নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৮০০ মিটাৰ দৈৰ্ঘ্যৰ অংশত জিঅ' বেগ স্থাপন কৰা হয়। ইয়াৰ ফলত উক্ত স্থানত খহনীয়া প্ৰতিৰোধ হৈ বৃহত্তৰ অংশ এটাত খেতি-মাটি ৰক্ষা পৰিছে। দুয়োগৰাকী মন্ত্ৰীয়ে এই স্থান পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/db725ac4-8ea8-4e14-8c61-f428aa746b65/ae695a14-e358-4c0e-a185-e5163b99002b.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/f8bfea96-f297-43ee-b18e-7fbfec4bb8ff/f9b28eb4-0879-482b-bd2d-a0e5ad596b2e.jpg)
পাছত দুয়োগৰাকী মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ পকীপথ নির্মাণ আঁচনিৰ অধীনত চিংফুৰা পথ, লোণপুৰীয়াত এছ এইচ-৩২ লোণপুৰীয়াৰ পৰা ২নং চিংফুৰা সংযোগী পথ আৰু মথাউৰি উদ্বোধন কৰে। লোণপুৰীয়াতে মন্ত্ৰী হাজৰীকাই এখন সভাত স্থানীয় ৰাইজক সম্বোধন কৰি ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ অধীনত আন্তঃগাথনিৰ লগতে সামগ্ৰিক উন্নয়নৰ বাবে কৰি থকা কামসমূহৰ বিষয়ে উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/fbdf9224-7359-486d-a2c2-2dae18ab2586/c35ee3d2-eb41-4aab-b303-32d463b5a149.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/f65da95c-3549-4ef7-a929-dcc130c059f8/6e2ed6be-c5eb-49b3-bb34-7a350b81a094.jpg)
ভাষণ প্ৰসংগতে মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে নদীৰ মথাউৰিত পকীপথ নিৰ্মাণৰ জড়িয়তে কেৱল মথাউৰি সুৰক্ষিত হোৱাই নহয়, নৈপৰীয়া ৰাইজৰো যাতায়তৰ ক্ষেত্ৰত যথেষ্ট সহায় হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/2d7f4cf6-2ddc-48bb-b9fb-485969943004/3ce1d58d-e85a-4d6c-bccd-5c12adad34bf.jpg)
Also Read: অসম জনজাতি সাংস্কৃতিক মহাসভাৰ কাৰ্যনিৰ্বাহক সভা...