/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/c561b533-8f51-483d-9881-cdf119be90b0/4.jpg)
ডিজিটেল সংবাদ, মেৰাপানীঃ মেৰাপানীত গাঁওবুঢ়াই মাজবাটতে প্ৰহাৰ কৰিলে এজন লোকক। গাওঁবুঢ়াজনৰ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ'ব লগা হ'ল মেৰাপানীৰ নবীন বৰা নামৰ যুৱকজন। মেৰাপানীৰ তেতেলীগুৰিত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ সন্দৰ্ভত মেৰাপানী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে।
তেতেলীগুৰিৰ লাচিতপুৰ গাওঁৰ গাওঁবুঢ়া ৰমেন গগৈয়ে সংঘটিত কৰিলে এই ঘটনা। জানিব পৰা মতে, নবীন বৰা নাম বাইক আৰোহী যুৱকজনক ৰাস্তাত আগচি ধৰি ৰমেন গগৈয়ে হেলমেটেৰে মূৰত প্ৰহাৰ কৰাৰ ফলত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় যুৱক জন।
ইফালে পাৰিবাৰিক সম্পৰ্কত নবীন বৰা নামৰ যুৱক জন গাঁওবুঢ়া ৰমেন গগৈৰ খুলশালীয়েক। গাঁওবুঢ়া ৰমেন গগৈৰ পত্নী নবীনৰ বায়েকক গগৈয়ে প্ৰায়ে মাৰ-পিট কৰি শাৰীৰিক নিৰ্যাতন চলাই আহিছিল। গাঁওবুঢ়া স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি মহিলা গৰাকীয়ে মাতৃৰ গৃহত আশ্ৰয় লৈ আছিল। আশ্ৰয় দিয়াৰ বাবেই খুলখালীয়েক নবীনক বাটত আগচি ধৰি হেলমেটেৰে মূৰত প্ৰহাৰ কৰে ভিনিয়েক অৰ্থাৎ গাওঁবুঢ়া ৰমেন গগৈয়ে। প্ৰশাসনিক ভাৱে গাঁৱৰ মুৰব্বী গৰাকীৰ বিৰুদ্ধে মেৰাপানী আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহন কৰে সেইয়াহে লক্ষনীয় হ'ব।
Also Read: ঐতিহাসিক 'ফুলগুৰি ধেৱা' দিৱস : “পশ্চিম নগাঁও অঞ্চলৰ ইতিহাস অধ্যয়ন কেন্দ্র"ৰ প্ৰস্তাৱনা