মেধাৱী ছাত্ৰী প্ৰতীক্ষা গগৈক উৰিয়ামঘাট প্ৰেছ ক্লাৱ আৰু শাখা সাহিত্য সভাৰ সম্বৰ্ধনা...

সৰুপথাৰ বি' কেন্দ্ৰৰ পৰা মেট্ৰীকত সৰ্ব্বোচ্ছ নম্বৰ লাভ কৰিছিল উৰিয়ামঘাটৰ প্ৰতীক্ষাই
মেধাৱী ছাত্ৰী প্ৰতীক্ষা গগৈক উৰিয়ামঘাট প্ৰেছ ক্লাৱ আৰু শাখা সাহিত্য সভাৰ সম্বৰ্ধনা...
মেধাৱী ছাত্ৰী প্ৰতীক্ষা গগৈক উৰিয়ামঘাট প্ৰেছ ক্লাৱ আৰু শাখা সাহিত্য সভাৰ সম্বৰ্ধনা...

ডিজিটেল সংবাদ উৰিয়ামঘাটঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধনশিৰি মহকুমাৰ অংছা জিলদৈ শ্যাম হাইস্কুল তথা সৰুপথাৰ বি' কেন্দ্ৰৰ পৰা সব্বোৰ্চ নম্বৰ পাই উত্তীৰ্ণ হোৱা প্ৰতীক্ষা গগৈক উৰিয়ামঘাট প্ৰেছ ক্লাৱ আৰু উৰিয়ামঘাট শাখা সাহিত্য সভাই সম্বৰ্ধনা জনায়। আজি শিক্ষাৰ্থীগৰাকীক তেখেতৰ বাসগৃগত এখন সম্বৰ্ধনা প্ৰত্ৰ, ফুলাম গামোছা আৰু গ্ৰন্থৰে সম্বধৰ্না জনায় এটা প্ৰতিনিধি দলে।

উল্লেখ্য যে উৰিয়ামঘাট জোনাকী পথাৰ গাৱঁৰ নিৱাসী মনজিত গগৈ আৰু দীপাঞ্জলী সোণোৱাল গগৈৰ কন্যা প্ৰতীক্ষাই অংচা-জিলদৈ শ্যাম হাইস্কুলৰ পৰা অৱৰ্তীন হৈ পাঁচটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি মুঠ ৫৩৮ নম্বৰেৰে ডিষ্টিংচনসহ সুখ্যাতিৰে উত্তীৰ্ণ হয় ৷ ভৱিষ্যতে এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ ইচ্ছা থকা প্ৰতীক্ষাই সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলা শাখাত নাম ভৰ্তি কৰে ৷

প্ৰতীক্ষাৰ দেউতাক মনজিত গগৈ পেচাত এজন গাড়ী চালক আৰু মাক দীপাঞ্জলী সোনোৱাল গগৈ এগৰাকী গৃৰ্হিণী ৷ প্ৰতীক্ষাৰ বাসগৃহত সম্বৰ্ধনা জনোৱাৰ সময়ত উৰিয়ামঘাট প্ৰেছ ক্লাৱৰ সভাপতি প্ৰতাপ গগৈ, সম্পাদক ভূপেন শইকীয়া, সহকাৰী সম্পাদক উদীপ বৰা আৰু উৰিয়ামঘাট শাখা সাহিত্য সভাৰ উপ সভাপতি লক্ষণ ছেত্ৰী , সদস্য আদৱ তুৰুং, কৰ্ন সিং লিম্বু, জিতুল হাজৰিকা উপস্থিত থাকে ৷ মনকৰিবলগীয়া যে এইবাৰ কেন্দ্ৰটোৰ পৰা সাতশৰো অধিক ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীণ হৈছিল।

মেধাৱী ছাত্ৰী প্ৰতীক্ষা গগৈক উৰিয়ামঘাট প্ৰেছ ক্লাৱ আৰু শাখা সাহিত্য সভাৰ সম্বৰ্ধনা...
মুখ্যমন্ত্ৰীয়ে এদিন মোক জে'লত দিছিল, এদিন তেওঁক ময়ো দিমঃ অখিল গগৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in