/asomiyapratidin/media/media_files/2025/04/21/cNC00wUD0xfO4qWdibaU.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলা কোৰাছ সন্থাই দুদিনীয়া কায্যসূচীৰে কাৰাটেৰ ৰেফাৰী আৰু প্ৰশিক্ষক প্ৰশিক্ষণৰ এক কাৰ্যসূচী সম্পন্ন কৰিছে। গোলাঘাট জিলা কোৰাছ সন্থাৰ উদ্যোগত আৰু কোৰাছ অসমৰ তত্বাৱধানত গোলাঘাটৰ জোনাকীনগৰ ৰংগমঞ্চত ১৯ আৰু ২০ এপ্ৰিলত অনুষ্ঠিত হয় এই কাৰ্যসূচী।
ৰেফাৰী আৰু প্ৰশিক্ষকৰ এই শিবিৰত বহুসংখ্যক কাৰাটেৰ খেলুৱৈ, প্ৰাক্তন খেলুৱৈয়ে অংশগ্ৰহণ কৰে। আয়োজকে জানিবলৈ দিয়া মতে তেওঁলোকে যি উদ্দেশ্যৰে এই কাৰ্যসূচী হাতত লৈছে সেয়া সফলতাৰে অন্ত পৰিছে।
তেওঁলোকে জানিবলৈ দিয়া মতে ৰেফাৰী প্ৰশিক্ষণৰ অন্তত চাৰিগৰাকী উৰ্ত্তীণ হৈছে। এই দুইটা প্ৰশিক্ষণ শিৱিৰত আন্তৰাষ্ট্ৰীয় প্ৰশিক্ষক মুছফিক আহমেদ হাজৰিকাই মুখ্য প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিছিল৷
ইয়াৰোপৰি সহপৰিচালক হিচাপে ৰিংকু বৰা, চিত্ৰ বৰা, ৰাহুল শইকীয়াই অংশগ্ৰহণ কৰে৷ জিলাৰ কোৰাছ সন্থাৰ সভাপতি যাদৱ কোঁৱৰ আৰু সম্পাদক ৰিংকু বৰাই সকলো প্ৰশিক্ষাৰ্থীকে ক্ৰীড়া জগতলৈ স্বাগতম জনাই মানপত্ৰও প্ৰদান কৰে।